ঢকুৱাখনাত অনুষ্ঠিত সন্তোষ ট্ৰফীৰ ফাইনেলত চাৰ্ভিছেচ দল চেম্পিয়ন

0 4

শতাব্দ ঢকুৱাখনা, ৮ ফেব্ৰুৱাৰী: ঢকুৱাখনাত অনুষ্ঠিত ৭৯ সংখ্যক সন্তোষ ট্ৰফীৰ মূল ৰাউণ্ডৰ চূড়ান্ত খেলত চাৰ্ভিছেচ দলে কেৰালা দলক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন হয় । চূড়ান্ত খেলখনত কেৰালা, চাৰ্ভিছেচ দুয়োটা দলেই সাৱধানতাৰে নিজৰ খেল আৰম্ভ কৰে আৰু নিৰ্ধাৰিত ৯০ মিনিটত গ’ল শূন্য ভাৱে সমাপ্ত হয় । ইয়াৰ পিছত অতিৰিক্ত সময় খেলুৱা হয় । অতিৰিক্ত সময়ৰ দ্বিতীয়াৰ্ধৰ খেলৰ ১০৯ মিনিটত শুভম ৰাণা ই সোঁ দিশৰ পৰা দিয়া এটা ক্ৰছক কেৰালাৰ ৰক্ষণ বিভাগে ক্লিয়াৰ কৰিবলৈ ব্যৰ্থ হোৱাত বক্সৰ মাজৰ পৰা অভিষেক পাৱাৰে চাৰ্ভিছেচ দলৰ হৈ একমাত্ৰ তথা প্ৰতিযোগিতাৰ বিজয় নিৰ্ণায়ক গলটো কৰে ।এই গলৰ পিছত কেৰালা দলে সমতা স্থাপন কৰাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল যদিও চৰ্ভিছেচ দলৰ সুশৃংখলিত ৰক্ষণ বিভাগে পৰিস্থিতি চম্ভালি লয় । ছাৰ্ভিচেছ দলৰ মুখ্য প্ৰশিক্ষক এম জি ৰামাচন্দ্ৰনে কয় যে কেৰালা দল প্ৰতিযোগিতাৰ অন্যতম শ্ৰেষ্ঠ দল আৰু এইখন খেল দলৰ বাবে কঠিন আছিল । সন্তোষ ট্ৰফী প্ৰতিযোগিতা আমি পৰিকল্পনাৰে চলিছিলোঁ আৰু আজিৰ খেলতো পৰিকল্পনাৰে আহিছিলো আৰু যাৰ বাবে আমি সফলতা পালোঁ । সৰ্বভাৰতীয় ফুটবল দলৰ কোষাধ্যক্ষ অজয় কিপাই কয় আমি ফুটবল সন্থাক সন্তোষ ট্ৰফীৰ চূড়ান্ত ৰাউণ্ড সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে অভিনন্দন জনাইছোঁ । তেওঁ কয় যে ঢকুৱাখনা আৰু চিলাপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি ফুটবল প্ৰসাৰ কৰাৰ পদক্ষেপ সৰ্বভাৰতীয় ফুটবল প্ৰতিষ্ঠানে লৈছে । বঁটা বিতৰণী অনুষ্ঠানত অসম ফুটবল সন্থাৰ সভাপতি তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰ জিলা পৰিষদৰ সভাপতি ছোনিয়া বৰগোহাঁই, ঢকুৱাখনা সম-জিলাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথে বিজয়ী আৰু বিজিত দলক ট্ৰফী আৰু নগদ ধনৰ বঁটা প্ৰদান কৰে। চূড়ান্ত খেলখনত ছাৰ্ভিচেছ দলৰ অভিষেক পাৱাৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। ইফালে চূড়ান্ত খেলখনৰ আৰম্ভণিতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু চুবুৰীয়া দেশ ভূটানৰ ভূটান ফুটবল ফেডাৰেচনৰ সঞ্চালক গেং আৰ ঘালে উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.