ঢকুৱাখনা-১২ মে: আহোম ৰাজত্বৰ সময়ৰে পৰা ঐতিহ্য ৰক্ষা কৰি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত অনুষ্ঠিত হৈ অহা জাতি জনগোষ্ঠীৰ মহা-মিলনৰ উৎসৱ ফাটবিহু অহা ১৩, ১৪ আৰু ১৫ মে’ত অনুষ্ঠিত হ’ব।ঐতিহাসিক ফাটবিহুলৈ মাজত মাথো কেইটামান ঘণ্টা। মহঘূলি চাপৰিত ফাটবিহু আয়োজনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।এইবাৰ ফাটবিহুত অসমৰ বোলছবি জগতৰ অভিনেতা প্ৰাঞ্জল শইকীয়া, অভিনেত্ৰী অমৃতা গগৈ আৰু জনপ্ৰিয় সংগীত শিল্পী ৰূপা মিলিৰ লগতে অসমৰ কেইবাজনো প্ৰসিদ্ধ বিহুৱা তথা বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব।চাৰিকড়ীয়া নৈৰ পাৰৰ মহঘূলি চাপৰিৰ ফাটবিহু তলীখন চাফ চিকুণ কৰাৰ লগতে গছ গছনিবোৰতো চূণ-তেল সানি সৌন্দৰ্যবৰ্দ্ধন কৰা হৈছে।অন্যহাতে ঢকুৱাখনাৰ বিভিন্ন গাঁৱৰ ডেকা,গাভৰু, মুনিহ-তিৰোতায়ো ফাটবিহুত ভাগ লবলৈ বিহু নাচৰ চূড়ান্ত আখৰা কৰিছে গাঁৱে গাঁৱে।ফাটবিহুৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ১৩ মে’ৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই, ১০ বজাত উদযাপন সমিতিৰ সভাপতি প্ৰাঞ্জল গোহাঁয়ে স্মৃতি তৰ্পণ কৰাৰ পিছতেই বিহুদল সমূহক আদৰণি জনোৱা হ’ব।দিনৰ ১১.৩০ বজাত ফাট বিহুৰ মঞ্চ উদ্বোধন কৰিব সমাজকৰ্মী জগদীশ গগৈয়ে।ইয়াৰ পিছতেই টকা বিহু আৰু চেমনীয়াৰ বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।দ্বিতীয় দিনাৰ কাৰ্যসূচী পুৱা ৯.৩০ বজাত শুভাৰম্ভ কৰিব শিক্ষাবিদ প্ৰবীন দত্তই কপৌফুল ৰোপনেৰে।ইয়াৰ পিছতেই গামোচা প্ৰতিযোগিতা আয়োজনৰ লগতে, বিহুদলসমূহক আদৰণি জনোৱা হ’ব।দিনৰ ১২ বজাত সকলো জাতি জনগোষ্ঠীৰ পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰিব বিহুৱা ডাঃ হেমন্ত গগৈয়ে।ইয়াৰ পিছতেই বিয়লি ২ বজাত হেমন্ত কুমাৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ “বিহুৱান” উন্মোচন কৰিব বুৰঞ্জীবিদ তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথে। ফাটবিহুৰ তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচী আৰম্ভ হ’ব পুৱা ১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে। এই শোভাযাত্ৰা উদ্বোধন কৰিব অসমীয়া বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈয়ে।ইয়াৰ পিছতেই দুপৰীয়া ১২ বজাৰ পৰা ফাটবিহুৰ মূল আকৰ্ষণ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ত গছতলৰ মুকলি বিহু অনুষ্ঠিত হ’ব।এই মুকলি বিহু উদ্বোধন কৰিব জনপ্ৰিয় সংগীত শিল্পী ৰূপা মিলিয়ে।ইফালে বিয়লি ২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব। জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই উদ্বোধন কৰিব লগীয়া মুকলি সভাত ভাৰত চৰকাৰৰ পূৱ মাণ্ডলিক আৰু উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ’ৰ সঞ্চালক গৌৰী বসু, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, বিশিষ্ট বিহুৱা নিৰঞ্জন গোস্বামী, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, মিচিং স্বায়ত্তপৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়া, দেউৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী, লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱন, যোৰহাটৰ উপায়ুক্ত অশোক বৰ্মনকে আদি কৰি বহু সংখ্যক বিশিষ্ট লোক অংশগ্ৰহণ কৰিব। ফাটবিহুৰ তিনিওটা দিনৰ কাৰ্যসূচীতে ৰাইজক জাতীয় সাজ পাৰ পৰিধান কৰি অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে উদযাপন সমিতিয়ে।