তাই আহোমক জনজাতিকৰণৰ দাবীঃ লখিমপুৰত প্ৰতিবাদ

0 51

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ তাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি লখিমপুৰত তাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে [স্বতন্ত্ৰ] এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশেষকৈ তাই আহোম জনগোষ্ঠীক দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰি অহাৰ ক্ষোভত আজি লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ তাই আহোম ছাত্ৰ সন্থাৰ অভিযোগ নিৰ্বাচনৰ আগত প্ৰতিবাৰেই প্ৰতিটো ৰাজনৈতিক দলে তথা চৰকাৰে জনজাতিৰ নামত ভোট লৈ নিৰ্বাচিত হৈ চৰকাৰ গঠন কৰাৰ পিছত জনজাতিকৰণৰ বিষয়টোৰ পৰা নানান অজুহাতেৰে চৰকাৰে ফালৰি কাটি থাকে৷ সেয়ে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি মন্ত্ৰালয়ত জনজাতিৰ বাবে প্ৰয়োজনীয় তথ্য দিব লাগে আৰু ২০২৪ চনৰ লোক সভা নিৰ্বাচনৰ আগমুহূৰ্তত তাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক৷ আনহাতে তাই আহোম ছাত্ৰ সন্থাই ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰসংগতো প্ৰতিবাদ সাব্যস্ত কৰি মূল্যবৃদ্ধি ৰোধৰ দাবী জনায়৷ আজি তাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ [স্বতন্ত্ৰ] সভাপতি মিলন গগৈ, কাৰ্যকৰী সভাপতি জয়ন্ত গগৈ আৰু সাধাৰণ সম্পাদক জয়জ্যোতি গগৈৰ নেতৃত্বত এটি দলে জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.