তাজমহলৰ ‘২২টা বন্ধ কক্ষ’ খোলা হওক

এলাহাবাদ হাই ক'র্টত আৰ্জি বিজেপিৰ

0 62

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’ : তাজমহলত তলাবন্ধ হৈ থকা ‘২২টা কক্ষ’ খোলাৰ আবেদন জনাই আদালতৰ দ্বাৰস্থ হল বিজেপি। তাৰ লগে লগে এই সৌধত কোনো মন্দিৰ আছিল নে নাই, সেয়া অনুসন্ধান কৰি চাবৰ বাবে সত্যানুসন্ধান দল গঢ়াৰো আর্জি পেছ কৰিছে তেওঁলোকে। ৭ মে’ত এলাহাবাদ হাই ক’র্টৰ লক্ষ্ণৌ বেঞ্চৰ ৰেজিষ্ট্ৰিত এই আবেদন দাখিল কৰে বিজেপিৰ অযোধ্যা শাখাৰ মিডিয়া ইনচার্জ ৰজনীশ সিংহই। ৮ মে’ত সংবাদ সংস্থা পিটিআইক ৰজনীশ সিংহই কয়— ‘‘আদালতৰ ওচৰত তাজমহলৰ ২২টা বন্ধ কোঠা খোলাৰ বাবে আবেদন জনাইছোঁ। সত্য যিয়েই হওক, সেয়া পোহৰলৈ অহা উচিত।’’ উল্লেখ্য যে, তাজমহল আচলতে ‘তেজো মহালয়’ নামৰ এটা শিৱ মন্দিৰ বুলি দাবী কৰি আহিছে উগ্র হিন্দুত্ববাদী সংগঠনসমূহে। আবেদনত কোৱা হৈছে যে, ভাৰতীয় পুৰাতত্ত্ব জৰীপ (ASI) বা আর্কিঅ’লজিকেল ছার্ভে অব ইণ্ডিয়াৰ অধীনস্থ এই সৌধৰ ইতিহাস জানিবলৈ এটা সত্যানুসন্ধান দলে প্ৰতিবেদন দাখিল কৰক।

মন্তব্য দিয়ক

Your email address will not be published.