শতাব্দ প্ৰতিনিধি তামুলপুৰ , ১৬ এপ্ৰিল : নৱ গঠিত তামুলপুৰ জিলাৰ বিভিন্ন ঠাইত যোৱা নিশা ধুমুহাই তাণ্ডৱ লীলা চলায় । যোৱা নিশা প্ৰায় ১১ বজা মানৰ পৰা আজি পুৱতি নিশালৈকে অলপ সময়ৰ অন্তৰে অন্তৰে মুষলধাৰ বৰষুণৰ সমান্তৰালভাৱে ধুমুহা বতাহে জোকাৰি যায় সমগ্ৰ তামুলপুৰ জিলাক। ধুমুহাৰ ফলত বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাগি পৰে । গছ গছনি উভালি পৰাৰ লগতে বাৰীৰ তামোল নাৰিকল গছৰো ব্যাপক ক্ষতি সাধন হয় । গছ ভাঙি পৰাৰ ফলত কেইবাটাও মূল পথ বহু সময় ধৰি বন্ধ হৈ পৰে । ইপিনে ভাৰত ভূটান সীমান্তৱৰ্তী আমবাৰী বাতাবাৰীত ধুমুহাৰ ফলত গছ পৰি এগৰাকী মহিলাৰ মৃত্যু হয় । মৃত মহিলাগৰাকী এনি মোছাহাৰী ( ৪৫ ) বুলি জানিব পৰা গৈছে । জানিব পৰা মতে মহিলা গৰাকী শুই থকা ঘৰটোৰ ওপৰত এডাল গছ ভাঙি পৰাৰ ফলত মহিলাগৰাকীৰ মৃত্যু হয় । ইয়াৰ উপৰি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ বাসগৃহতো এডাল গছ ভাঙি পৰে । অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে বিধায়ক জলেন দৈমাৰী আৰু তেওঁৰ পৰিয়ালৰ লোকৰ । ইপিনে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী মৃত এনি মোছাহাৰীৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ লয় । বিধায়কগৰাকীয়ে মৃত মহিলাগৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । উল্লেখযোগ্য যে যোৱা নিশা অহা বৰদৈচিলাই তামুলপুৰৰ বহু দৰিদ্ৰ লোকৰ সপোন ভাঙি চুৰমাৰ কৰে । জিলাখনৰ অন্তৰ্গত বাৰেইগাঁও, কালাকুছি, অময়াপুৰ, বিলপাৰ, মাজদিয়া, গোৱালবিল, চাপাতল, সৌৰাগুৰি, আমবাৰী, বাতাবাৰী, কুমাৰীকাটা আদিকে ধৰি ভালেকেইখন গাঁৱৰ বহু পৰিয়ালৰ ঘৰ বাৰী ভাঙি ছিঙি নষ্ট কৰে । প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি বহু পৰিয়ালৰ তামোল, নাৰিকল আদি গছৰ লগতে বহু মূল্যবান গছ ভাঙি পেলায়। প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা অহা ধুমুহাই তামুলপুৰৰ কেইবাখনো শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানৰো ব্যাপক ক্ষতি সাধন কৰে । তামুলপুৰৰ ভিন্ন প্ৰান্তত কেইবাটাও বিদ্যুতৰ খুঁটা উভালি পৰাত স্বাভাৱিকতেই তামুলপুৰৰ বিস্তীৰ্ণ অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে । চৌদিশে এতিয়া কেৱল আতংক আৰু অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে ।