শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ অক্টোবৰ : তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী দিপ্তী দাসৰ আজি পুৱা চহৰখনৰ দহোতীয়াচুকস্থিত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৫০ বছৰ ৷ তিনিচুকীয়া পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰি সভানেত্ৰীৰ আসনত অধিষ্ঠিত হোৱা প্ৰাক্তন কাউন্সিলাৰ দিপ্তী দাস কিছু দিনৰ পৰা ৰোগাক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে ৷ আজি সৰবৰহী মহিলাগৰাকীৰ মৃত্যুৰ খবৰে দহোতীয়াচুক অঞ্চলৰ সমান্তৰালকৈ সমগ্ৰ চহৰখনত শোকৰ ছাঁ পেলায় ৷ ২০১৫ চনৰ পৰা ২০২০ চনলৈকে তিনিচুকীয়া পৌৰসভাৰ সভানেত্ৰীৰ পদত থকা দিপ্তী দাসৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগেলগে দহোতীয়াচুকৰ বাসভৱনত বহু লোকৰ সমাগম ঘটে ৷ তিনিচুকীয়া পৌৰসভাৰ সভাপতি পবিত্ৰ গগৈ, তিনিচুকীয়া জিলা বিজেপিৰ সম্পাদক পুলক চেতিয়া, তিনিচুকীয়া পৌৰ কৰ্মচাৰী সন্থা, তিনিচুকীয়া মণ্ডল বিজেপি আৰু কেইবাজনো কাউন্সিলাৰৰ উপৰি অন্যান্য বহুজনে তেখেতৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ পাছত দহোতীয়াচুকৰ ৰাজহুৱা শ্মশানত দীপ্তি দাসৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় ৷ তেখেতৰ মৃত্যুত স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ উপৰি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত তেখেতে স্বামী তথা তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন সভাপতি দীপক দাসসহ তিনি সন্তানক এৰি গৈছে ৷