শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া ১৩ মে’: অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিয়ে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ গুৰুত্বপূৰ্ণ উন্নয়ন বিভাগৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়। এই পৰ্যালোচনা সভাত সমিতিখনে বিভাগসমূহৰ অধীনত জিলাখনত ৰূপায়ন হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যাসূচীৰে তিনিচুকীয়া জিলাত উপস্থিত হোৱা এই সমিতিখনে তিনিচুকীয়া জিলাত জলসম্পদ, লোকনিৰ্মাণ পথ, পঞ্চায়ত ও গ্ৰামোন্নয়ন, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা আঁচনিসমূহ পৰিদৰ্শন কৰে। আজিৰ পৰ্যালোচনা সভাত অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিখনে জিলাখনত ৰূপায়ন হৈ থকা আচঁনিসমূহৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰতিটো বিভাগকে নিষ্ঠা সহকাৰে কামৰ মানদণ্ডৰ সৈতে কোনো আপোচ নকৰাকৈ আঁচনিসমূহৰ কাম ৰূপায়ন কৰিবলৈ আহ্বান জনায়। আজিৰ পৰ্যালোচনা সভাত অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ সভাপতি বিধায়ক ৱাজিদ আলি চৌধুৰী তথা সমিতিৰ সদস্যসকল ক্ৰমান্বয়ে বিধায়ক বসন্ত দাস,
বিধায়ক উৎপল বৰা, বিধায়ক মানৱ ডেকা, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, বিধায়ক হাফিজ বচিৰ আহমেদ, বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ, বিধায়ক কৰিম উদ্দিন বাৰভূঞা সমন্বিতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, অতিৰিক্ত সচিব মুনিন্দ্ৰ শৰ্মা, জিলা উপায়ুক্ত নৰসিং পৱাৰ, জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব গুৰনেইল সিং প্ৰমুখ্যে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে উপস্থিত থাকে।
পূৰ্বৱৰ্তী লেখা