তিনিচুকীয়াত কৰ্কট চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ
নিৰ্মাণকাৰ্য ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ এপ্ৰিল : অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত গঠিত আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ (এচিচিএফ) জৰিয়তে ৰাজ্যত নিৰ্মাণ কৰিবলৈ লোৱা ৭খন নতুন কৰ্কট চিকিৎসালয়ৰ ভিতৰৰে এখন তিনিচুকীয়া জিলাৰ মাকুম শুকানপুখুৰীত স্থাপন কৰা হ’ব । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি শুকানপুখুৰীত নিৰ্মীয়মান তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় চৌহদত নতুন কৰ্কট চিকিৎসালয়খন নিৰ্মাণৰ বাবে সাজু কৰা স্থান পৰিদৰ্শন কৰে । তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰৰ উপৰি এচিচিএফৰ প্ৰকল্প সঞ্চালক গৌতম চিন্তে, জিলা স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ ৰমেন সোনোৱালৰ উপৰি লোকনিৰ্মাণ বিভাগৰ (গৃহ) অভিযন্তা, বিষয়া স্বাস্থ্যমন্ত্ৰীৰ পৰিদৰ্শনকালত উপস্থিত থাকে। উল্লেখ্য যে, অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা ৰাজ্যৰ সাতখন নৱনিৰ্মিত কৰ্কট চিকিৎসালয়ৰ উদ্বোধনৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল পদ্ধতিৰে সাতখন কৰ্কট চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰিব । স্বাস্থ্যমন্ত্ৰীয়ে তিনিচুকীয়া কৰ্কট চিকিৎসালয়ৰ স্থান পৰিদৰ্শনৰ সময়তে নিৰ্মীয়মান তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰো বুজ লয় । মন্ত্ৰীয়ে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ উপস্থিতিত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহী বিষয়া আৰু লোকনিৰ্মাণ (গৃহ) বিভাগৰ অভিযন্তাৰ সৈতে এক বৈঠকত মিলিত হৈ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে নিৰ্মাণকাৰ্য অধিক ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ।