তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ : যোগান মন্ত্ৰীৰ পদত্যাগ দাবী

0 24
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে আজি তিনিচুকীয়াতো ছাত্ৰ সন্থাই অনশন কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে আজি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই সাধাৰণ ৰাইজক কোঙা কৰি পেলোৱা সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুৱা ৬ বজাৰ পৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ১০ ঘণ্টাৰ বাবে ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত হাতেহাতে ’ৰঞ্জিত দাস মুৰ্দাবাদ, বিজেপি গ’ বেক, যোগান বিভাগ হায় হায়, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ’ আদি প্লে’কাৰ্ড লৈ জিলা ছাত্ৰ সন্থাৰ বহুসংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমৰজ্যোতি গোঁহায়ে মূল্যবৃদ্ধি ৰোধ কৰাত চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিয়া ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগৰ দাবী কৰাৰ লগতে টুলুঙা মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে ৷
মন্তব্য দিয়ক

Your email address will not be published.