শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডত চূড়ান্ত অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে পঞ্চদশ বিত্তীয় আয়োগে (২০২০-২১ বৰ্ষ) কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত টঙনা গাঁও পঞ্চায়তৰ যোগেদি কাকপথাৰ শিক্ষাখণ্ডৰ গুটিবাৰী প্ৰাথমিক বিদ্যালয় মেৰামতিৰ বাবদ ডেৰ লাখ টকা আবন্টন দিছিল ৷ কিন্তু কাকপথাৰ উন্নয়ন খণ্ড আৰু টঙনা গাঁও পঞ্চায়তৰ ৰহস্যজনক ভূমিকা তথা চল-চাতুৰীৰ বাবে উক্ত ধনৰাশি গুটিবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰিৱৰ্তে ১ নং হাতীগড় প্ৰাথমিক বিদ্যালয়ৰ বিপৰীতে মোকলাই দিয়া হয় বুলি অভিযোগত প্ৰকাশ। সূত্ৰমতে উক্ত ধনৰাশি বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে আবন্টিত হৈছিল যদিও এই বিষয়ে কোনোধৰণে জ্ঞাত নাছিল গুটিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক । বহু পলমকৈ বিদ্যালয় প্ৰধান বিজয় কুমাৰ দহোতীয়াই বিশেষ সূত্ৰে কথাটো জানিব পাৰি যোৱা ১৬ আগষ্টত কাকপথাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰাতহে জোলোঙাৰ মেকুৰী ওলাই পৰে। বিষয়াগৰাকীৰ অনুসন্ধানত পোহৰলৈ আহে ভয়ংকৰ তথ্য। অৰ্থাৎ গুটিবাৰী প্ৰাথমিক বিদ্যালয়ৰ বিপৰীতে আবন্টিত ধনৰাশি মুকলি কৰি দিয়া হয় ১ নং হাতীগড় প্ৰাথমিক বিদ্যালয়ৰ নামত। পূঁজি আবন্টনৰ নিৰ্দিষ্ট তালিকাখনত গুটিবাৰী প্ৰাথমিক বিদ্যালয়ৰ নামটো কাটি তাৰ ঠাইত ১ নং হাতীগড় প্ৰাথমিক বিদ্যালয়ৰ নাম কলমেৰে লিখি ৰখা হয়। তদুপৰি ১ নং হাতীগড় প্ৰাথমিক বিদ্যালয়ৰ নামত উক্ত ধনৰাশি মোকলাই দিয়াৰ অন্তৰালত কাকপথাৰ উন্নয়ন খণ্ডৰ তদানীন্তন খণ্ড উন্নয়ন বিষয়া অসীম শৰ্মা, টঙনা গাঁও পঞ্চায়তৰ সভাপতি বিজয় উৰাং আৰু সচিব অংগুচমান কোঁৱৰৰ নাম পোহৰলৈ আহিছে। অৰ্থাৎ যাৱতীয় নথিত এই তিনিজনে স্বাক্ষৰ কৰা বুলি অনুসন্ধানত প্ৰকাশ পাইছে । ইফালে ১ নং হাতীগড় প্ৰাথমিক বিদ্যালয়ে ইতিমধ্যে উক্ত ধনৰাশিৰে বিদ্যালয় মেৰামতি সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে । আনফালে পূঁজি লাভৰ আশাত গুটিবাৰী প্ৰাথমিক বিদ্যালয়ে ইতিপূৰ্বে এক নিৰ্মাণ সমিতিও গঠন কৰিছিল । এখন বিদ্যালয়ৰ বাবে আবন্টিত ধন আন এখন বিদ্যালয়ে কিদৰে লাভ কৰিবলৈ সক্ষম হ’ল সেয়া ৰহস্যজনক ৷ এক নিৰপেক্ষ তদন্ততহে সকলো কথা পোহৰলৈ আহিব । আনহাতে এই সন্দৰ্ভত গুটিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান বিজয় কুমাৰ দহোটীয়াই জিলা আয়ুক্তক অভিযোগ দিবলৈ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে ।