তিনিচুকীয়াৰ হাপজান ইনষ্টিটিউট অৱ নাৰ্ছিং এণ্ড পেৰামেডিকেল ছায়েন্সত পাঠ্যক্ৰম আৰম্ভ

0 56

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ এপ্ৰিল : শিক্ষা আৰু স্বাস্থ্য এই দুয়োটা দিশত অধিক গুৰুত্ব প্ৰদান কৰিব পাৰিলে সমাজ, দেশ আৰু জাতিটো উন্নতিৰ দিশত সবলভাৱে আগুৱাই যাব পাৰিব। তিনিচুকীয়াবাসীৰ এক দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি জিলাখনৰ চোটা হাপজানৰ গংগাবাৰীত স্থাপন কৰা হাপজান ইনষ্টিটিউট অৱ নাৰ্ছিং এণ্ড পেৰামেডিকেল ছায়েন্স নামৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰথম বেটচ্‌ৰ শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ অনুষ্ঠানত আজি বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে এইদৰে কয় । স্বাস্থ্যখণ্ডত সুচাৰুৰূপে সেৱা আগবঢ়োৱাৰ মানসেৰে শিক্ষা গ্ৰহণ কৰি শিক্ষাৰ্থীসকলে উপযুক্তভাৱে নিজকে গঢ়ি তুলিব উপায়ুক্তই আশা প্ৰকাশ কৰে । ভালদৰে শিক্ষা গ্ৰহণ কৰিলে য’তেই নাথাকক কিয় সমাজৰ হিতৰ হকে কাম কৰা সম্ভৱ বুলি উল্লেখ কৰি তেওঁ কয় যে বহুক্ষেত্ৰত উচিত শিক্ষাৰ অভাৱেই আত্মনিৰ্ভৰশীল হোৱাৰ পথত অন্তৰায় হৈ পৰে বুলি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াজনে কয় । হাপজান ইনষ্টিটিউট অৱ নাৰ্ছিং এণ্ড পেৰামেডিকেল ছাইন্সৰ মুখ্য কাৰ্যবাহী সংগীতা বৰকটকীয়ে ভাষণত এই শিক্ষানুষ্ঠান স্থাপন কৰি তেওঁৰ নিজৰ আৰু চিকিৎসক পিতৃ হৰিনাৰায়ণ বৰকটকীৰ সপোন বাস্তৱায়িত কৰাৰ এক প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰে । দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্য আৰু শিক্ষাৰ দিশত পৰ্যবেক্ষণ কৰি উঠি অহা প্ৰজন্মক উক্ত বিষয়ত অধিক সক্ষম কৰি তোলাৰ লক্ষ্যৰে তিনিচুকীয়াত এই প্ৰতিষ্ঠান স্থাপন কৰা হৈছে বুলি তেওঁ কয় । এই প্ৰতিষ্ঠানত স্থানীয় আৰু ৰাজ্যৰ বাহিৰৰ অভিজ্ঞ ফেকাল্টিয়ে জি এন এম আৰু এ এন এম পাঠ্যক্ৰমত শিক্ষাদান কৰিব । ৰিদীপ হাজৰিকাই আঁত ধৰা অনুষ্ঠানত কেইবাখনো শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষকৰ লগতে একাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.