তিনিচুকীয়া জিলাৰ ২২১ বিদ্যলয় বন্ধৰ সিদ্ধান্ত : আছুৰ তীব্ৰ প্ৰতিবাদ

0 39

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ২২১খন অসমীয়া মাধ্যমৰ বিদ্যলয় বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ জিলা ছাত্র সন্থাৰ বহুসংখ্যক কৰ্মীয়ে শোভাযাত্ৰা কৰি গৈ তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইৰ লগতে জিলা ছাত্র সন্থাৰ অন্যান্য বিষয়ববীয়া আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত কেইবাখনো আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকৰ উপৰি আন নেতৃবৃন্দ উপস্থিত থাকে ৷ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইয়ে চৰকাৰৰ হঠকাৰী সিদ্ধান্তত ক্ষোভ প্ৰকাশ কৰি কয় যে যিসময়ত ৰাজ্য চৰকাৰে বিদ্যলয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰিব লাগিছিল, শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিছিল, অসমীয়া মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ বাবে শিক্ষাব্যৱস্থাৰ মানদণ্ড উন্নত কৰাৰ পৰিকল্পনা কৰিব লাগিছিল তেনে সময়ত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷ তেওঁ এই সিদ্ধান্ত অতি সোনকালে বাতিল কৰিবৰ বাবে অসমৰ শিক্ষামন্ত্রীক দাবী জনাই ইয়াৰ অন্যথা ব্যৰ্থ শিক্ষামন্ত্রীৰ পদত্যাগ দাবী কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.