তিনিটা দিনে বন্ধ মাজুলী নিমাতী সংযোগী সকলো ফেৰী সেৱা

0 89
শতাব্দ প্ৰতিনিধি,মাজুলী,১৭মেঃ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ১৫ মে’ৰ পৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে পুনৰ আদেশ নিদিয়া পৰ্যন্ত মাজুলী- নিমাতী ফেৰী সেৱা বন্ধ ৰাখিছে। এই ফেৰী সেৱা আজি তিনিটা দিনে বন্ধ হৈ আছে।যাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ পৰা বিভিন্ন কামত যোৰহাটলৈ অহা যোৱা কৰা যাত্ৰীসকলৰ মাজত এক প্ৰকাৰে হাহাকাৰ সৃষ্টি হৈছে।কিয়নো জল পথৰে কম সময়ৰ ভিতৰত মাজুলীৰ পৰা দক্ষিণ দিশৰ লগত কম খৰছত যাতায়াতৰ মাধ্যম এই ফেৰী সেৱা।এই ফেৰী সেৱা বন্ধ হৈ থকাত যাত্ৰী লগতে মাজুলীলৈ আনিব লগা সামগ্ৰী সমূহ আনিব পৰা নাই ব্যৱসায়ীসকলে।যাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰো নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।ফেৰী সেৱা বন্ধ হোৱাত মাজুলীৰ ৰাইজৰ সুবিধাৰ বাবে মাজুলীৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ মাজুলীৰ তত্বাৱধানত মাজুলীৰ পৰা যোৰহাটলৈ বগীবিল দলং হৈ বাছ সেৱা আৰম্ভ কৰিছে।সেইদৰে যোৰহাটৰ পৰাও মাজুলীলৈ বাছ সেৱা ব্যৱস্থা হৈছে।পুৱা ভাগত চলা এই বাছ সেয়াই মাজুলীৰ ৰাইজক কিছু সকাহ দিছে যদিও এই সেৱা ব্যয়হুল আৰু যথেষ্ট সময়ৰ প্ৰয়োজন হয়।ফেৰী সেৱাৰ যোগেদি দিনটোৰ ভিতৰতে মাজুলীৰ পৰা যোৰহাটলৈ গৈ বিভিন্ন কাম কৰি পুনৰ মাজুলীলৈ ঘূৰি আহিব পাৰে কিন্তু বাছ সেৱাৰ যোগেদি একেদিনাই ঘূৰি অহাটো সম্ভৱ নহয় যাৰ বাবে মাজুলী ৰাইজ আৰ্থিক দিশৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।জলস্তৰ হ্ৰাস পালেই পুনৰ ফেৰী সেৱা নিয়মীয়া কৰিবলৈ মাজুলীবাসীয়ে আহ্বান জনাইছে।আনহাতে আজি যোৰহাটৰ পৰা মাজুলীলৈ আহিব লগা বাছত অধিক ভাড়া বিচৰাত যোৰহাটত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হয়।যোৰহাটৰ পৰা মাজুলীলৈ বগীবিল হৈ আহিব লগা বাছত ৩৫০ টকাৰ পৰিবৰ্তে ৪২০ টকা ধাৰ্য কৰাত যাত্ৰীসকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হয়।পৰৱৰ্তী সময়ত পূৰ্বৰ নিৰ্ধাৰিত নিৰিখতে যাত্ৰীৰ পৰা ভাড়া ল’বলৈ বাধ্য হয়।
মন্তব্য দিয়ক

Your email address will not be published.