তেজপুৰত কংগ্ৰেছৰ গোৰ্খা কোষৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ প্ৰদেশ কংগ্ৰেছৰ গোৰ্খা কোষৰ ৰাজ্যিক সমিতিৰ সভাপতি কৰ্ণ বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয় ৰাজীৱ ভৱনত গোৰ্খা কোষৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। গোৰ্খা কোষৰ সাধাৰণ সম্পাদক (প্ৰ) ইন্দ্ৰ লাল শৰ্মাই আঁত ধৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দাদুল বৰকাকতিয়ে।আজিৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে অলপতে প্ৰকাশ হোৱা খচৰা, অহা ৩০ জুলাইত বৰগাং ৰংগমঞ্চত অনুষ্ঠিত হবলগীয়া গোৰ্খা কোষৰ প্ৰথম সাধাৰণ সভা সফলতাৰে সম্পন্ন কৰা, অনাগত পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচন আদি বিভিন্ন বিষয়ত উপস্থিত থকা গোৰ্খা কোষ ৰাজ্যিক সমিতি, জিলা সমিতিৰ বিষয়ববীয়া সকলে নিজৰ নিজৰ মতামত দাঙি ধৰে। সভাত গোৰ্খা কোষৰ ৰাজ্যিক সমিতিৰ সভাপতি ছেত্ৰীৰ উপৰি উপ-সভাপতি ওম প্ৰকাশ বস্নেত, ললিত শৰ্মা, উপ সভানেত্ৰী দীপিকা বিশ্বকৰ্মা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক মনোজ গৌতম, ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰাম প্ৰধান, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ সভাপতি দ্বয়, খড়্গ বাহাদুৰ ছেত্ৰী আৰু হৰি শৰ্মা আদি উপস্থিতিত আছিল৷

মন্তব্য দিয়ক

Your email address will not be published.