তেজপুৰত কিশোৰী ধৰ্ষণঃ অভিযুক্তক গ্ৰেপ্তাৰ

0 25
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৫নৱেম্বৰঃ তেজপুৰ আৰক্ষীয়ে আজি গেৰেকী অঞ্চলৰ পৰা সঞ্জীৱ সিং নামৰ এক জঘন্য ধৰ্ষণ কাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এগৰাকী নাবালিকাক ধৰ্ষণ কৰা বুলি অভিযুক্তৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল পৰিছিল পীড়িত নাবালিকাৰ আত্মীয়ই৷ তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত এক অঞ্চলৰ ১৩বছৰীয়া কিশোৰীগৰাকী এই বৰ্বৰোচিত কাণ্ডৰ বলি হোৱাৰ বিষয়ে আত্মীয়ক জনোৱাৰ পাছতেই পৰিয়ালটোৱে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷
মন্তব্য দিয়ক

Your email address will not be published.