তেজপুৰত কৰুণাধাৰা আৰু শিশুকল্যাণ পৰিষদৰ উদ্যোগত  হোমেন বৰগোহাঞিক স্মৰণ 

0 21
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ মে’ : ৰাজ্যখনৰ বিশিষ্ট কথাশিল্পী, সাহিত্যিক, সম্পাদক হোমেন বৰগোহাঞিৰ কালি প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে তেজপুৰৰ শিশু কল্যাণ পৰিষদৰ কাৰ্যালয়ত এক বিশেষ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখা আৰু কৰুণাধাৰা শোণিতপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত আয়োজিত এই স্মৃতি চাৰণ অনুষ্ঠানত মধু শইকীয়াৰ দ্বাৰা ঘোষা পাঠ, আজিজুৰ ৰহমানে কোৰাণ পাঠ, ডেনিচ য়েমে বাইবেল পাঠ আৰু বলবীৰ সিঙৰ গুৰু গ্ৰন্হ পাঠেৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়।অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত বৰগোহাঞিৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বৰেণ্য সাহিত্যিক গৰাকীৰ ঘনিষ্ঠ তথা কৰুণাধাৰা শোণিতপুৰ জিলা সমিতিৰ সভাপতি বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীয়ে। কৰুণাধাৰা জিলা প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁতধৰা এই অনুষ্ঠানটো ডাঃ গোস্বামীয়ে বৰগোহাঞিৰ স্মৃতি ৰোমন্থন কৰি বৰগোহাঞিৰ “পিতা পুত্ৰ“ শীৰ্ষক উপন্যাসখন ডাঃ গোস্বামী আৰু তেওঁৰ স্বামী প্ৰয়াত ডাঃ ৰবীন্দ্ৰ গোস্বামীৰ নামত আৰু  “তিমিৰ তীৰ্থ“ শীৰ্ষক  উপন্যাসখন ডাঃ লক্ষ্মী গোস্বামীৰ নামত উছৰ্গা কৰা কথা  উল্লেখ কৰি আৱেগিক হৈ পৰে। “কৰুণাধাৰা“ৰ ৰাজ্যিক প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বৰ্তমানে জিলা উপদেষ্টা ডাঃ সৌৰভ ভূঞাই প্ৰদান কৰা বক্তব্যত কেনে প্ৰেক্ষাপট আৰু পৰিস্থিতি হেতু ২০১১ৰ ১২ ফেব্ৰুৱাৰীত দুৰ্গতসকলক সহায় হাত আগবঢ়োৱাৰ উদ্দেশ্য মুষ্টিমেয় কেইগৰাকীমান সুহৃদৰ উদ্যোগত “কৰুণাধাৰা“ নামৰ জনকল্যাণধৰ্মী অনুষ্ঠানটোৱে জন্ম লাভ কৰিলে আৰু এইক্ষেত্ৰত  বৰগোহাঞিয়ে কেনেদৰে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল সেই সন্দৰ্ভত সংক্ষেপে আলোকপাত কৰে। প্ৰসংগক্ৰমে ডাঃ ভূঞাই এই পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩ হাজাৰ ৩২ গৰাকীতকৈ অধিক সংখ্যক দিব্যাংগ আৰু জটিল ৰোগত আক্ৰান্তক মুঠ তিনি কোটি ৮০লাখ টকাতকৈ অধিক পৰিমানৰ ধন আৰ্থিক সাহায্য হিচাপে কৰুণাধাৰাই আগবঢ়াইছে বুলি সদৰী কৰে। শিশু কল্যাণ পৰিষদ, কৰুণাধাৰাৰ বিষয়-ববীয়া আৰু স্থানীয় একাংশ বিশিষ্ট নাগৰিক উপস্থিত থকা এই অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথে অংশ গ্ৰহণ কৰি, ৰাজ্যৰ সাহিত্যৰ ভঁৰাল চহকী কৰা চিৰ নমস্য বৰগোহাঞিক অনাগত দিনত পাহৰি যোৱা হ’ব নেকি বুলি আশংকা ব্যক্ত কৰি নৱপ্ৰজন্মৰ মাজত তেওঁৰ কৰ্মৰাজি সজীৱ কৰি ৰখাৰ পোষকতা কৰে।নাথে লগতে বৰেণ্য সাহিত্যিক বৰগোহাঞি আৰু তেওঁৰ চিন্তা সদায়েই প্ৰাসংগিক হৈ ৰ’ব বুলিও মন্তব্য কৰে। আনহাতে, বিশিষ্ট নাট্যকাৰ আৰু পৰিচালক ঐশ্বৰ্য কাকতিয়ে ভাষণ প্ৰসংগত  বৰগোহাঞিৰ সান্নিধ্য লাভ কৰাৰ কথা স্মৰণ কৰি বিশিষ্ট সাহিত্যিক গৰাকীৰ বাবেই প্ৰৱন্ধ আৰু গ্ৰন্থ লিখাৰ অনুপ্ৰেৰণা লাভ কৰিছিল বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, সাহিত্যিক বৰগোহাঞিৰ স্মৃতিত ডাঃ সৌৰভ ভূঞাৰ কথা, তপন কুমাৰ তালুকদাৰৰ সুৰ, ৰূপম তালুকদাৰৰ সংগীত পৰিচালনা, ডাঃ অঞ্জনজ্যোতি চৌধুৰী আৰু শ্ৰুতি গোস্বামীৰ কন্ঠত প্ৰস্তুত কৰা “মহীৰুহ“ শীৰ্ষক এটা দৃশ্য-শ্ৰাব্য গীত এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়।
মন্তব্য দিয়ক

Your email address will not be published.