তেজপুৰত “টীম এক্সেপ্ৰেশ্যনৰ” “বৰ্ণম – ১”শীৰ্ষক সদৌ অসম ভিত্তিক দলীয় চিত্ৰ আৰু ভাস্কৰ্য্য প্ৰদৰ্শনী

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১৯ গৰাকী চিত্ৰ - ভাস্কৰ্য্য শিল্পীৰ শিল্পকৰ্মত মুগ্ধ কলা ৰসিক

0 75

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৯ ছেপ্তেম্বৰ : ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১৯ গৰাকীকৈ চিত্ৰ – ভাস্কৰ্য্য শিল্পীৰ আকৰ্ষণীয় চিত্ৰৰে কালিৰে পৰা ১০ ছেপ্তেম্বৰলৈকে তিনিদিনীয়াকৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ আৰ্ট গেলেৰীত অনুষ্ঠিত হৈছে “টীম এক্সেপ্ৰেশ্যনৰ” “বৰ্ণম – ১” শীৰ্ষক সদৌ অসম দলীয় চিত্ৰ আৰু ভাস্কৰ্য্য প্ৰদৰ্শনী ‘।ৰাজ্যখনৰ এগৰাকী বিশিষ্ট কলাৰসিক তথা শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মৌচুমী কন্দলীয়ে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা আৰু দৰং মহাবিদ্যালয়ৰ অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকাকে ধৰি একাংশ বিশিষ্ট ব্যক্তিয়ে অতিথি ৰূপে অংশ গ্ৰহণ কৰা এই বিশেষ প্ৰদৰ্শনীখনৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ আগবঢ়াই মৌচুমী কন্দলীয়ে চিত্ৰকলা এক সাধাৰণ কলা নহয় বুলি মন্তব্য কৰি অসমত এই কলাৰ চৰ্চা চকুত লগা ধৰণে হৈ উঠা নাই বুলি কয়। উল্লেখ্য যে ৫৮ খন বিশেষ বাৰ্তা বহন কৰা কলাত্মক চিত্ৰৰে এই প্ৰদৰ্শনীত অংশ লৈছে কলিয়াবৰৰ চিত্ৰশিল্পী জগিন্দ্ৰ সিং, তেজপুৰৰ জ্ঞানেন্দ্ৰ নাথ বৰা, অলকা শৰ্মা, দশমুকুট কেওঁট, সৌমিত্ৰ দত্ত, বাপধন কলিতা, বিশ্বজিৎ বৰা, মণিমালা বৰা, সুব্ৰত পাল, নগাঁৱৰ ৰতন বৰা, ঢেকীয়াজুলিৰ চম্পক কুমাৰ বিশ্বাস, তেজপুৰৰ অচ্যুত তালুকদাৰ, কামৰূপৰ চন্দ্র বৰা, নগাঁৱৰ প্ৰাণজিৎ চাংমাই, পল্লৱীকা বৰুৱা, তেজপুৰৰ গায়ত্ৰী দেৱী ভট্টাচাৰ্য, কলিয়াবৰৰ প্ৰিয়াংকু বৰা, নগাঁৱৰ লক্ষীপ্ৰভা শইকীয়া আৰু তেজপুৰৰ নিশান্ত কুমাৰ নাথে।

মন্তব্য দিয়ক

Your email address will not be published.