তেজপুৰত নিপন গোস্বামী আৰু নীলপৱন বৰুৱা বিশেষ শ্ৰদ্ধাঞ্জলি

তেজপুৰ আৰ্টিষ্টছ্ ফ'ৰামৰ অনুষ্ঠানত বিভিন্নজনৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ

0 21

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩১ অক্টোবৰ : অসমৰ মঞ্চ আৰু বোলছবি জগতৰ অপ্ৰতিদ্বন্দ্বী মহানায়ক তথা তেজপুৰৰ সুযোগ্য সন্তান সদ্যপ্ৰয়াত নিপন গোস্বামী আৰু ৰংতুলিকাৰ মহীৰূহ, অতুলনীয় ত্যাগ আৰু প্ৰেমৰ অনন্য প্ৰতিভূস্বৰূপ প্ৰথিতযশা চিত্ৰ শিল্পী নীলপৱন বৰুৱাদেৱৰ মহাপ্ৰয়াণত তেজপুৰ আৰ্টিষ্টছ্ ফ’ৰামৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত কালি সন্ধিয়া এক গুৰুগম্ভীৰ পৰিৱেশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয়। তেজপুৰ আৰ্টিষ্টছ্ ফ’ৰামৰ সম্পাদক মুকুট মহন্তই আঁত ধৰা অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া আৰু তেজপুৰ আৰ্টিষ্টছ্ ফ’ৰামৰ সভাপতি হৰিনাৰায়নক দাসে ক্ৰমে নিপন গোস্বামী আৰু নীলপৱন বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ফ’ৰামৰ শিল্পী সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত ড০ ভূপেন শইকীয়া আৰু হৰিনাৰায়ণ দাসে শিল্পী দুগৰাকীৰ জীৱন পৰিক্ৰমাৰ প্ৰসঙ্গ উত্থাপন কৰি বিস্তৃত ভাৱে স্মৃতিচাৰণ কৰে। অনুষ্ঠানত তেজপুৰ আৰ্টিষ্টছ্ ফ’ৰামৰ তৰফৰ পৰা চিত্ৰশিল্পী হৰেশ্বৰ শইকীয়া, অলকা শৰ্মা, নৱনিতা শৰ্মা, মৌচুমী শইকীয়া, ৰাজু মণি দাস আদিয়ে শিল্পী দুগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.