শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫ ফেব্ৰুৱাৰীঃ আজি কাহিলি পুৱাতে তেজপুৰত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত এজন যুৱক নিহত হৈছে৷ আৰক্ষীসূত্ৰই প্ৰকাশ কৰা অনুসৰি, লখিমপুৰৰ ঢকুৱাখনা নিবাসী শিক্ষক তথা নাৰ্ছাৰীৰ ব্যৱসায়ৰ স’তে জড়িত ধীৰু ডেকা (৩৮)ই তেওঁৰ নাৰ্ছাৰীৰ বাবে নগাৱঁৰ পৰা ফুলৰ পুলি লৈ এএছ০৭বিচি৫৮৮৬নম্বৰৰ মেজিক বাহনখনৰে উভটি আহি থকা অৱস্থাত আজি কাহিলি পুৱা প্ৰায় ৪-৩০ বজাত তেজপুৰৰ শালনীবাৰীত বিপৰীত দিশৰ পৰা আহি থকা এএছ১২চিচি ১২৮৯ নম্বৰ মালবাহী বলেৰ’ পিকআপ বাহনখনৰে মুখামুখি সংঘৰ্ষ লাগে ৷ ফলত মেজিকবাহনখনৰ চালকৰ আসনত থকা ডেকা গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও লগত অহা আন এজন যুৱকো আহত হয় ৷ আহত দুয়োকে তেজপুৰ কনকলতা অসামাৰিক চিকিৎসালয়লৈ অনা হয় যদিও ডেকাক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ উল্লেখ্য এই পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে মালবাহী বলেৰ’ খনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰিবলৈ সক্ষম হয় যদিও দুয়োখন বাহন তেজপুৰ যানবাহন আৰক্ষীয়ে উদ্ধাৰ আৰু জব্দ কৰি সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷
