শতাব্দ প্ৰতিনিধি তেজপুৰ,২৩এপ্ৰিল: তেজপুৰ মিছন চাৰিআলিত যোৱা নিশা সংঘটিত হোৱা এক ভয়ানক দুৰ্ঘটনা আৰু ইয়াৰ পাছতে এখন বাহনত ঘটা অগ্নিকাণ্ডকলৈ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয় । উল্লেখযোগ্য যে,এখন আই ২০বাহন আৰু এখন তেলৰ টেংকাৰৰ মাজত সংঘটিত দুৰ্ঘটনাটোৰ পাছতেই ৰাষ্ট্ৰীয় পথত দপদপকৈ জ্বলি উঠিল আই ২০ বাহনখন।নিশা প্ৰায় এক বজাত ঢেকিয়াজুলিৰ দিশৰ পৰা তেজপুৰৰ দিশে আহি থকা দুয়োখন গাড়ীৰ ভিতৰত সন্মুখত থকা এন এল ০২এন ০৭০৮ নম্বৰৰ টেংকাৰখন আকস্মিক ভাবে ৰৈ যোৱাত পিছে পিছে আহি থকা এএছ১২এই৫৬২২ নম্বৰৰ বাহন খনে খুন্দা মাৰে তেলৰ টেংকাৰখনত।ইয়াৰ লগে লগে জ্বলি উঠে আই ২০ বাহনখন।সম্পূৰ্ণ বাহনখন অগ্নিয়ে আগুৰি ধৰাৰ পূৰ্বেই বাহনখনৰ চালক তথা আৰোহী নিৰাপদ স্থানলৈ আঁতৰি আহিবলৈ সক্ষম হয়।কিন্তু টেংকাৰৰ কাষতে জুই লগাত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয় । পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে । এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।
