তেজপুৰত বাছৰ পৰা পৰি ছাত্ৰ নিহত

0 20

শতাব্দ’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩ ডিচেম্বৰ: তেজপুৰ সদৰ থানা অধীনস্হ শিংৰিজান চাহ বাগিচাৰ এজন দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বাছৰ পৰি আজি শোকবাহ ভাবে নিহত হয়৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি দিনৰ প্ৰায় ১১-৩০বজাত ৰঙাপৰাৰ পৰা তেজপুৰ অভিমুখে আহি থকা এ এচ ছি ১২ই ০১৯৪ নম্বৰৰ বাছখনৰে বিন্দুকুৰি উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহি থকা সময়ত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। বাছখনৰ দুৱাৰৰ কাষতে ৰৈ থকা ছাত্ৰজন বাছখন এটা কেঁকুৰি অতিক্ৰম কৰাৰ সময়তে বাছখনৰ পৰা ওলাই পৰে আৰু পথৰ কাষত থকা শিলত পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পাছত যানবাহন আৰক্ষী উপস্হিত হৈ আহত ছাত্ৰজনক চিকিৎসালয়লৈ নিয়ে যদিও পথতে নিহত হয়৷ উল্লেখ্য যে শিংৰিজান চাহ বাগিচাৰ গজেন চাওৰাৰ পুত্ৰ জয়দ্বীপ চাওৰাৰ মৃত্যুত বিদ্যালয়খনৰ লগতে বাগিচাখনতো শোকৰ ছাঁ পৰিছে।ঘটনা সংক্ৰান্তত বাছখন জব্দ কৰাৰ লগতে চালক জনকো আটক কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.