তেজপুৰত ভোগালী বিহুৰ পাৰভঙা উছাহ

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ জানুৱাৰীঃ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ উৰুকাৰ চৌদিশে ভোগৰ সামগ্ৰীৰ উপাচাৰ আৰু প্ৰায় ডেৰশ – দুশছৰীয়া পৰম্পৰাৰে ভোগালী বিহুৰ উৰুকাৰ সম্প্ৰীতিৰ ৰাজহুৱা ভোজ আৰু কালি সংক্ৰান্তিৰ দিনটোত পুৱাই অগ্নি দেৱতাক সেৱা কৰি ভেলাঘৰ – মেজিঘৰত অগ্নি সংযোগ কৰি পৰম্পৰা ৰক্ষাৰ পৰা আজি পহিলা মাঘৰ দিনটোত নামঘৰ, মন্দিৰ আদি ধৰ্মীয় উপাসনা স্হান সমূহত দৰ্শনাৰ্থীৰ ভীৰ পৰিলক্ষিত হয়। উল্লেখ্য যে, উৰুকাৰ আগদিনা ৰাজহুৱা পুখুৰীত মাছ ধৰাৰ পিছত তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ ডেকা চুবুৰীৰ ৰাইজে প্ৰায় ডেৰশ – দুশবছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি একেখন ধানৰ পথাৰতে আবাল বৃদ্ধ বনিতা একত্ৰিত হৈ উৰুকাৰ দিনা সম্প্ৰীতিৰ ৰাজহুৱা ভোজ খোৱাৰ দৰে পৰ্বতীয়াৰ কৌশিকপুৰ, বেছেৰীয়া, দ পৰ্বতীয়া, মাজগাঁও শইকীয়া চুবুৰী আদি অঞ্চলতো ৰাজহুৱা সম্প্ৰীতিৰ ভোজ খোৱা দৃশ্যই পৰম্পৰা অক্ষুন্ন ৰখাৰ কথা প্ৰতিপন্ন কৰি তোলে। ইয়াৰ মাজতেই নিহিত হৈ আছে ভোগালী বিহুৰ প্ৰকৃত আনন্দ সেই কথা ৰাইজৰ আনন্দ উল্লাসৰ মাজত প্ৰতিপন্ন হয়। ভোজ খোৱাৰ আগমুহূৰ্তত গাঁৱৰ নামঘৰীয়াই হৰিধ্বনি দি পৰম্পৰা অনুসৰি ৰাইজে খোৱা ভাতমুঠিৰ মাজতেই যেন প্ৰকৃত উৰুকাৰ আনন্দ পৰিলক্ষিত হয়।ইয়াৰ পিছতেই ৰাইজে পৰম্পৰাগত ভাৱে কালি সংক্ৰান্তিৰ দিনটোত পুৱাই ভেলাঘৰত অগ্নি সেৱা কৰি অগ্নি সংযোগ কৰাৰ দৰে তেজপুৰৰ গাঁৱতে পৰিলক্ষিত হয় একেই দৃশ্য। আনহাতে মাঘমাহ পৱিত্ৰ মাহ বুলি মানি অহা বহুতেই আজি পহিলা মাঘৰ দিনটোত মন্দিৰ, থান, নামঘৰ আদিত চাকি বন্তি জ্বলাই আঁঠু লৈ পৰিয়ালৰ মংগল কামনা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.