শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী ঘগৰাৰ দেৱনাথ হেৰেঞ্জৰ পুত্ৰ মুণ্ডা হেৰেঞ্জ(২০)নামৰ এজন যুৱকৰৰ সলিল সমাধি ঘটাৰ পাছত আজি পুৱা তেওঁৰ মৃতদেহ বাসগৃহৰ সমীপৰে এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷উল্লেখযোগ্য যে,কালি যুৱকজনে সুৰাপান কৰি বিয়লিৰ পৰাই সন্ধানহীন হৈ আছিল৷পৰিয়ালৰ লোকে নিশা বিভিন্ন স্হানত বিচাৰখোচাৰ কৰে যদিও তেওঁৰ সন্ধান লাভ নকৰিলে৷কিন্তু আজি পুৱা প্ৰায় আঠ বজাত যুৱকজনৰ মৃতদেহটো ঘৰৰ সমীপৰে এটা পুখুৰীত উদ্ধাৰ কৰা হয়।উল্লেখযোগ্য যে,এই অঞ্চলটোত চুলাইকে ধৰি বিভিন্ন সুৰাৰ ব্যাপক প্ৰচলন হোৱাৰ বিষয়ে দীৰ্ঘদিনৰ পৰাই অভিযোগ উঠি আহিছে আৰু এই সুৰাৰ বাবেই দুমাহৰ ভিতৰত পাঁচ জনকৈ অকালতে মৃত্যুৰ মুখত পৰিছে। আৱকাৰী বিভাগৰ অস্তিত্বই নোহোৱাৰ দৰে অঞ্চলটোত পুৱাৰে পৰা নিশালৈকে অধিকাংশৰে ঘৰত সুৰাৰ অবৈধ বেহা চলে আৰু কিশোৰ,যুৱককে ধৰি বৃদ্ধলৈকে এই সুৰাৰ ৰাগিত নিমজ্জিত হয়৷সুৰাৰ এনে প্ৰচলনে অঞ্চলটোৰ সামাজিক,শৈক্ষিক আৰু অৰ্থনৈতিক পৰিৱেশ বিধ্বস্ত কৰি আহিছে যদিও এইক্ষেত্ৰত আৱকাৰী,আৰক্ষী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি একাংশ লোকে ক্ষোভ প্ৰকাশ কৰিছে৷