তেজপুৰত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ জিলা আছুৰ

0 10

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৫ ছেপ্টেম্বৰ: তেজপুৰত আজি দুপৰীয়া শোণিতপুৰ জিলা ছাত্র সন্থাই তেজপুৰ সদৰ আৰক্ষী থানাৰ সন্মুখত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰে। তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু জিলা ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শোণিতপুৰৰ ১৬৪ খন চৰকাৰী মাতৃভাষা মাধ্যমৰ বিদ্যালয় বিলুপ্তিকৰণ কৰাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । চৰকাৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আছুৱে গৰিহণা দিয়াৰ লগতে এই সিদ্ধান্ত বাতিল কৰি চৰকাৰী মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ দাবী জনায় । প্ৰতিবাদী আছু কৰ্মী সকলে শিক্ষামন্ত্ৰী ডাঃ পেগুক এজন অকৰ্মণ্য শিক্ষামন্ত্ৰী বুলি অভিহিত কৰি অসম চৰকাৰ হায় হায়,শিক্ষামন্ত্ৰী মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তেজপুৰ সদৰ থানাৰ কাষতে শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰে৷আনহাতে, জিলা ছাত্ৰ সন্থাই আজি তেজপুৰ সদৰ থানাত এখন এজাহাৰো দাখিল কৰে৷ ছাত্ৰ সন্থাৰ পৰা নিলম্বিত দিব্যজ্যোতি মেধিৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰি এক গোচৰ ৰুজু কৰায় । এই সন্দৰ্ভত জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে কয় যে এই গৰাকী ছাত্ৰ সন্থাৰ পৰা নিলম্বিত ব্যক্তিয়ে ছাত্র সন্থাৰ ভাব মূৰ্তি ম্লান কৰিবলৈ এক চক্ৰান্ত ৰচিছে ,আৰু ছাত্ৰ সন্থাক যি প্ৰত্যাহ্বান জনাইছে, ছাত্র সন্থাই সেই সকলো প্ৰত্যাহ্বান লবলৈ সাজু আছে৷ কিন্তু ইয়াৰ বিপৰীতে সেই গৰাকী নিলম্বিত মেধিয়ে ছাত্ৰ সন্থাৰ প্ৰত্যাহ্বান লবলৈ সাজু হওঁক বুলি তেজপুৰ সদৰ থানাৰ পৰাই জিলা আছুৰ বিষয়ববীয়া সকলে সকিয়নী প্ৰদান কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.