শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ফেব্ৰুৱাৰীঃ অসমীয়া জনজীৱনৰ বা অসমীয়া জাতিৰ অন্যতম অংগ গৰিয়া-মৰিয়া-দেশীয় জাতীয় পৰিষদৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পুৱাৰ পৰা উল্লাস পূৰ্ণ পৰিৱেশৰ মাজেৰে আৰম্ভ হয় তেজপুৰ চহৰৰ নিকটৱৰ্তী শইকীয়া চুবুৰী মুছলিম গাঁৱত। উল্লেখ্য যে, গৰিয়া-মৰিয়া-জাতি পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু পৰোৱা আঞ্চলিকৰ সহযোগত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে শুভাৰম্ভ হয়। ইয়াৰ পিছতেই বিভিন্ন প্ৰান্তৰ বিশিষ্ট আমন্ত্ৰিত অতিথিৰ উপস্থিতিত অনুষ্ঠিত হোৱা মূল সভাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তেজপুৰৰ নেতা তথা সাংস্কৃতিক কৰ্মী শান্তনু মহন্তই বৃহত্তৰ অসমীয়া জাতি গঠনত গৰিয়া-মৰিয়াসকলৰ অৱদানৰ কথা উল্লেখ কৰি অসমখন বিভিন্ন ৰঙৰ ফুলনিৰ দৰে বিভিন্ন জাতি জনগোষ্ঠীৰ আৰু সম্প্ৰদায়ৰ মিলনভূমি বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে। মূল সভাত গৰীয়া মৰিয়া দেশী লোকসকলৰ অস্তিত্ব সুৰক্ষিত কৰাৰ দাবী জনায়৷ এইসকল লোকক মুছলমান বুলি নাভাবি অসমীয়া খিলঞ্জীয়া জনগোষ্ঠী বুলি স্বীকৃতি প্ৰদানৰ দাবী তোলে৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে এই জনগোষ্ঠীৰ জৰীপ কৰি পৰিচয় পত্ৰ প্ৰদানৰ আশ্বাস দিছিল যদিও সম্প্ৰতি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে পৰিষদৰ যুটীয়া সাধাৰণ সম্পাদক ছহিদ আলী আহমেদে। সাংবাদিকৰ আগত আলমে কয় গৰীয়া-মৰীয়া দেশীসকলক ৭০বছৰে চৰকাৰে প্ৰতাৰণা কৰি আহিছে।