শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭মে’ আজি সমগ্ৰ বিশ্বতে উদযাপিত হোৱা ২৩ সংখ্যক বিশ্ব হাস্য দিৱসৰে সংগতি ৰাখি ২০০৯ চনত গঠিত হোৱা তেজপুৰ হাস্য সংঘৰ সদস্য সকলেও দিনযোৰা কাৰ্য্যসূচীৰে মাজগাওঁ জাতীয় ছহিদ বাকৰিত পুৱাৰ পৰাই বিভিন্ন কাৰ্য্যসূচীৰে উদযাপন কৰে এই দিৱস। পুৱা সাত বজাত হাতে হাতে হাঁহিৰ উপকাৰ সমূহৰ বিষয়ে লিখা বেনাৰ ফেষ্টুন আদি লৈ শোভাযাত্ৰা উলিওৱা হয়।অনুষ্ঠানৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি ৰবীন শৰ্মাই। ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে সংঘৰ প্ৰাক্তন সভাপতি ক্ষীৰ প্ৰসাদ শইকীয়াই। উপ-সভাপতি দেৱ দাসে আঁত ধৰা হাস্য ব্যঙ্গৰে ভৰা বিচিত্ৰানুষ্ঠাত সভাপতিত্ব কৰে ৰবীন শৰ্মাই। এই বছৰ মৃত্যু হোৱা সদস্য জ্যোতিপ্ৰসাদ শইকীয়া,স্বপন শইকীয়া,জীৱন কলিতাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত যাদব চন্দ্ৰ নাথৰ পৰিচালনাত গুণ কান্ত দাস,ফতিক দাস, তৰুণ নাথ,বিউতি বেজবৰুৱা,অনিমা হাজৰিকা, মুনমী কোঁচ,নীৰা কলিতা,হেমশ্ৰী বৰা,নিয়তী অধিকাৰী আদিয়ে ড. ভূপেন হাজৰিকাৰ অমৰ গীত ‘ আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ’ সমবেত সংগীত ৰূপে পৰিবেশন কৰে । অৱসৰ প্ৰাপ্ত অধ্যাপক সতীশ চন্দ্ৰ ভট্টাচাৰ্য, চিকিৎসক প্ৰদীপ বৰুৱা আৰু বিশ্বৰঞ্জন কলিতাই হাস্য দিৱসৰ তাৎপৰ্য,প্ৰাসঙ্গিকতা আৰু হাঁহিৰ দ্বাৰা ৰোগমুক্ত জীৱন লাভৰ বিষয়ে চমু বক্তব্য ৰখাৰ উপৰিও কৌতুক আৰু হাস্যৰসেৰে পূৰ্ণ আভিজ্ঞতা বৰ্ণনা কৰি হাঁহিৰ ৰোল তোলে।বিউতি বেজবৰুৱাৰ আবৃত্তি,দেৱ দাস আৰু ধৰনী নাথৰ স্ব ৰচিত ব্যঙ্গ কবিতা পাঠ,দিলীপ বৰাৰ কৌতুক,অঞ্জনা চাহাৰ ভজন,গুণ দাস,সুৰেন বৰুৱা, নীৰা কলিতা, হেমশ্ৰী বৰা,ফতিক দাস,ডিম্বেশ্বৰ দাস, যাদব চন্দ্ৰ নাথ, নিয়তি অধিকাৰীৰ গীত,ভানু কলিতাৰ জেং বিহু পৰিবেশনৰে বিশ্ব হাস্য দিৱসৰ এইবাৰৰ হাঁহি আৰু আনন্দৰ বিশ্বক সলনি কৰাৰ শক্তি আছে বিষয়বস্তুকেই প্ৰতিভাত কৰিলে।