তেজপুৰত হাতীদাঁতৰ টুকুৰা সহ এজনক আটক

0 92
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১মে’: তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত বঁটাবাৰীত আজি আৰক্ষীয়ে হাতী দাঁত সহ এজন লোকক আটক কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চটাই চাপৰিৰ জামাল উদ্দিন নামৰ লোকজনে এটা মোনাত দুটা হাতী দাঁতৰ টুকুৰা বিক্ৰী কৰিবলৈ অহা বুলি আগতীয়া তথ্য লাভ কৰিছিল আৰু ইয়াৰ ভিত্তিতে আৰক্ষীয়ে আজি বটাবাৰীত ৩৭(ক)নম্বৰ ৰাষ্ট্ৰীয় পথৰ পৰা তেওঁক আটক কৰে । লোকজনৰ পৰা উদ্ধাৰ হোৱা হাতী দাঁতৰ টুকুৰা দুটাৰ অংশৰ ওজন দুই কিলো সাতশ গ্ৰাম । ঘটনা সন্দৰ্ভত আৰক্ষীৰ অধিক অনুসন্ধান অব্যাহত আছে।
মন্তব্য দিয়ক

Your email address will not be published.