তেজপুৰত ৰাষ্ট্ৰীয় লোক আদালত

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ উদ্যোগত আজি তেজপুৰৰ ন্যায়িক আদালতত শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰনৰ সভাপতি ছত্ৰভূষন গগৈৰ পৰিচালনাত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। আজি তেজপুৰৰ ন্যায়িক চৌহদত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতৰ সাতখন আদালতত বিছৰাধীন আৰু প্ৰি লিটিগেছনৰ সাত হেজাৰ গোছৰৰ ভিতৰত ২০টা এম এ চি টি গোছৰসহ ১২৪৩টা গোছৰ নিস্পতিৰ জৰিয়তে মুঠ দুই কোটি সাত সত্তৰ লাখ টকা আদায় কৰা হয়। আজি তেজপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালত সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰনৰ সচিব প্ৰীতিশ চৌধুৰীয়ে ৰাষ্ট্ৰীয় লোক আদালতত নিস্পতি হোৱা গোছৰৰ ভিতৰত ২০টা এম এ চি টি গোছৰত ৯২লাখ টকা ভূক্তভোগী পৰিয়ালক আদায়ৰ হুকুম দিয়াৰ কথা ব্যক্ত কৰে। সচিব গৰাকীয়ে নিস্পতি হোৱা গোছৰৰ ভিতৰত প্ৰি লিটিগেছন গোছৰৰ অধীনত বেংক, এ পি ডি চি এল আৰু বি এছ এন এল ৰ পাঁচশটা গোছৰ নিস্পতিৰ জৰিয়তে এক কোটি বাসত্তৰ লাখ টকা আৰু আদালতত বিছৰাধীন ৭৪৩টা গোছৰৰ বিপৰীতে এক কোটি চাৰি লাখ টকা আদায়ৰ নিৰ্দেশ দিয়াৰ কথা ব্যক্ত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.