তেজপুৰৰ ঐতিহ্যমণ্ডিত ঔগুৰি পাহাৰৰ মাটি ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰৰ চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ২৩ টা সংগঠন আৰু বিশিষ্ট নাগৰকিৰ স্বাক্ষৰেৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ ২৮ জুলাইঃ তেজপুৰৰ ১৪ টা জাতীয়, সামাজিক, সাংস্কৃতিক সংগঠনৰ উদ্যোগত যোৱা ২১ জুলাইত অনুষ্ঠিত হোৱা ‘নাগৰিক সভা’ৰ সিদ্ধান্ত মৰ্মে আজি তেজপুৰৰ বিশিষ্ট নাগৰিক আৰু ২৩ টা দল-সংগঠনৰ প্ৰতিনিধিয়ে ঔগুৰি পাহাৰৰ মাটি ব্যক্তিগত প্ৰতিষ্ঠানলৈ হস্তান্তৰৰ বিৰোধিতা কৰি শোণিতপুৰৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এই চৰকাৰী সিদ্ধান্ত শীঘ্ৰেই ৰদ কৰাৰ দাবী জনাই এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷
পাঁচদফীয়া দাবী চনদৰে প্ৰস্তুত কৰা এই স্মাৰকপত্ৰত কোৱা হৈছে যে- তেজপুৰৰ ঔগুৰি পাহাৰ আমাৰ জাতীয় সম্পদ হোৱাৰ উপৰিও তেজপুৰৰ আবেগ আৰু স্বাভিমানৰ প্ৰতিভূ৷ এই স্বাভিমান আৰু আবেগ কোনো ব্যৱসায়ী প্ৰতিষ্ঠানৰ হাতত ভূ-লুণ্ঠিত হোৱা বা হোৱাৰ সম্ভাৱনা দেখা দিয়া কোনো আঁচনিয়েই গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ এনে হোৱাৰ বিপৰীতে পাহাৰ আৰু সেউজীয়া প্ৰকৃতি সংৰক্ষণ কৰাটোকহে অগ্ৰাধিকাৰ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই স্মাৰকপত্ৰত ঔগুৰিৰ মাটি হস্তান্তৰ প্ৰক্ৰিয়া ৰদ কৰাৰ লগতে স্ব-মহিমাৰে মহিমামণ্ডিত তেজপুৰৰ দক্ষিণ সীমাৰ প্ৰকৃতিপ্ৰদত্ত মাথাউৰিস্বৰূপ পৰ্বতমালাক ‘দ্যা আচাম হেৰিটেজ প্ৰটেকনচন, প্ৰিভেনচন, কনজাৰভেচন এণ্ড মেইটেনেঞ্চ এক্ট – ২০২১ ৰ আওঁতালৈ আনি ‘ঐতিহাসিক স্থান’ বুলি ঘোষণা কৰি সংৰক্ষণ কৰাৰ দাবী জনোৱা হয়৷ কেৱল এই ইতিহাসপ্ৰসিদ্ধ পাহাৰলানিয়েই নহয়, তেজপুৰৰ প্ৰকৃতিপ্ৰদত্ত নলা-হোলাবোৰৰ দুয়োপাৰ জৰীপ কৰি প্ৰয়োজন সাপেক্ষে ভূমি অধিগ্ৰহণ আইনৰ দ্বাৰা অধিগ্ৰহণ কৰি হলেও ইতিমধ্যে বেদখলৰ কবলত পৰা নলা-হোলাবোৰ মুক্ত কৰাৰ ব্যৱস্থা লোৱাৰ লগতে ইয়াত যিকোনোধৰণৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ ব্যৱস্থা ল’বলৈকো স্মাৰকপত্ৰযোগে দাবী জনোৱা হয়৷ ইয়াৰ উপৰিও তেজপুৰৰ বিভিন্ন স্থানৰ কৃষিভূমিত যধে-মধে হোৱা নিৰ্মাণকাৰ্যত উদ্বেগ প্ৰকাশ কৰি কৃষিভূমি অনা-কৃষিকাৰ্যত ব্যৱহৃত হোৱাতো ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা ল’বলৈকো স্মাৰকপত্ৰ যোগে দাবী জনোৱা হৈছে৷ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই স্মাৰকপত্ৰত স্বাক্ষৰকাৰী সকল হৈছে- শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ, শোণিতপুৰ জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি নৃপেন নাথ, শোণিতপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি আনন্দ তাঁতী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, শোণিতপুৰ অসম সেনাৰ জিলা সংগঠক ৰাজনীশ শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ কলিতা, তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি পুলিন ভট্টাচাৰ্য, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱ চৌধুৰী, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পভাপতি দেৱাঞ্জন বিকাশ পাঠক, অসম নাট্য সন্মিলন তেজপুৰ শাখাৰ সম্পাদক জিষ্ণু বৰঠাকুৰ, উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত দাস, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি-সম্পাদক ক্ৰমে সঞ্জীৱ হাজৰিকা আৰু মনোজ শইকীয়া, তেজপুৰ উকীল সন্থাৰ সভাপতি প্ৰমোদ শৰ্মা, খিলঞ্জীয়া সুৰক্ষা মঞ্চৰ সভাপতি কাবুল শৰ্মা, সদৌ অসম চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিন্টু হেমৰম, হাৰুপেশ্বৰ ফাউণ্ডেচনৰ সভাপতি ডঃ নিৰঞ্জন দাস, তেজপুৰ জন-সাংস্কৃতিক পৰিষদৰ সভাপতি ৰাজু বৰুৱা, তৰুণ অসম সংঘৰ সম্পাদক মোহন ভূঞা, মহাপুৰুষ শ্ৰীমৎ দেৱ দামোদৰ সংঘৰ সংঘাধিকৰ্তা ডঃ যুগল কৃষ্ণ ডেকা, অসম উন্নতি সভাৰ শোণিতপুৰৰ সভাপতি সঞ্জীৱ বৰা, সোঁৱৰণী সাহিত্য সাংস্কৃতিক মঞ্চৰ সম্পাদক অনুপ অসমীয়াৰ লগতে স্বাক্ষৰকাৰী বিশিষ্ট নাগৰিকসকল হ’ল- বিশিষ্ট পুৰাতত্ববিদ ডঃ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, বিশিষ্ট ভূগোলবিদ – ডঃ শৈলেন্দ্ৰ বৰকটকী, সাংস্কৃতিক কৰ্মীদ্বয় শান্তনু মহন্ত আৰু চিমি গোস্বামী আৰু জ্যেষ্ঠ সাংবাদিক অঞ্জন গোস্বামী৷ তেজপুৰ চহৰৰ ঐতিহ্য, সুৰক্ষা আৰু পৰিৱেশ অটুট ৰখাৰ বাবে এই দাবীসূহ হৃদয়ংগম কৰি দাবীসমূহ পূৰণ কৰাত মুখ্যমন্ত্ৰীয়ে ইতিবাচক সঁহাৰি আগবঢ়াব বুলি সংগঠনসমূহৰ প্ৰতিনিধি তথা বিশিষ্ট নাগৰিকসকলে আশা প্ৰকাশ কৰিছে৷ আজি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰক উক্ত স্মাৰক প্ৰদানৰ পিছত জিলা আয়ুক্ত গৰাকীয়ে সংশ্লিষ্ট বিষয়টিৰ ওপৰত ইতিবাচক দৃষ্টিৰে চোৱাৰ আশ্বাস প্ৰদান কৰে৷
