তেজপুৰৰ ক্ৰীড়া সংগঠক ৰণধীৰ পাণ্ডেৰ বিয়োগ

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মে’ঃ তেজপুৰ জিলা ক্রীড়া সন্থাৰ বক্সিং বিভাগৰ প্ৰাক্তন সম্পাদক, ক্ৰীড়া সন্হাটোৰ আজীৱন সদস্য, ক্রীড়া সংগঠক ৰণধীৰ পাণ্ডে(৪৮)ৰ যোৱা নিজা বাসভৱনত পৰলোকপ্রাপ্তি ঘটে। প্রায় দুবছৰ অচিন ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছিল তেওঁ৷ উল্লেখযোগ্য যে, তেজপুৰ জিলা ক্রীড়া সন্হাৰ উদ্যোগত পূৰ্বে আয়োজিত ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতা আৰু বৰ্তমানৰ তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্রতিযোগিতাকে ধৰি বিভিন্ন খেলৰ আয়োজনত সকলো সময়তে নিজৰ দক্ষতাৰে কায়িক আৰু আৰ্থিক ভাবে ওতপ্ৰোতভাবে আত্মনিয়োগ কৰিছিল পাণ্ডেই। তেজপুৰত বক্সিং খেলৰ উত্তৰণৰ বাবে তেওঁ আশাসুধীয়া প্ৰয়াস কৰিছিল আৰু এইক্ষেত্ৰত তেওঁৰ অবদান চিৰস্মৰণীয়৷ পাণ্ডেৰ বিয়োগত তেজপুৰ জিলা ক্ৰীড়া সন্হা, তেজপুৰ জিলা ক্ৰিকেট সন্হা আদি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.