তেজপুৰৰ দৰংমহাবিদ্যালয়ত ৰেগিঙৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ দৃষ্টান্তমূলক পদক্ষেপ

0 112

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২৪ আগষ্ট :ৰেগিং এনে এক সামাজিক ব্যাধি যিয়ে নতুনকৈ পোখা মেলা একোটা সপোনক নিমিষতে মোহাৰি পেলায়। ৰাষ্ট্রীয়, আন্ত:ৰাষ্ট্ৰীয় বিভিন্ন পৰ্যায়ত ৰেগিং ৰূপী এই মাৰাত্মক ব্যধিক প্ৰতিহত কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ লোৱা হৈছে যদিও কেৱল পৰম্পৰা ৰক্ষাৰ দোহাই দি প্ৰচলিত এই ব্যাধিয়ে আজিও ৰাজ্যখনৰ ভিতৰে বাহিৰে তাণ্ডৱ অব্যাহত ৰাখিছে। ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা অহা ৰেগিংকেন্দ্ৰিক ঘটনাক্ৰমৰ মাজতেই আজি তেজপুৰত দেখা গ’ল এক বিপৰীত দৃশ্য। ৰেগিং বিৰোধী শ্লোগানেৰে মুখৰিত হৈ পৰে তেজপুৰৰ দৰং মহাবিদ্যালয় চৌহদ মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ সমূহীয়া প্ৰচেষ্টাত মহাবিদ্যালয়খনত ন কৈ ভৰি থোৱা ছাত্ৰ ছাত্ৰীসকলৰ লগতে ছাত্ৰ সমাজক ৰেগিং সন্দৰ্ভত সজাগ কৰা উদ্দেশ্যে প্ৰদৰ্শন কৰা হয় এখনি বাটৰ নাট। নাটখনি আৰম্ভ হোৱাৰ প্ৰাকমুহুৰ্তত মহাবিদ্যালয়খনৰ অধ্যাপক ড° মনোজ কুমাৰ হাজৰিকাই ছাত্ৰ ছাত্ৰীকসকলক উদ্দেশ্যি ৰেগিঙৰ ভয়াৱহতা সন্দৰ্ভত বিশেষভাবে আলোকপাত কৰে।মহাবিদ্যালয়খনত পৰিলক্ষিত হোৱা এই কাৰ্য্য এক আশাব্যঞ্জক খবৰ হিচাপে বিবেচিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.