শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২১ জুন : তেজপুৰ চহৰৰ নিকটৱৰ্তী বেছেৰীয়াত ১৯৮৯ চনতে প্ৰতিষ্ঠা হোৱা পূবেৰুণ সাংস্কৃতিক সমাজৰ উদ্যোগত সমাজৰ স্থায়ী ভৱনত কলাগুৰু বিষ্ণু ৰাভা দেৱৰ ৫৫ সংখ্যক স্মৃতি দিৱস উদযাপন কৰাৰ লগতে সদৌ বেছেৰীয়া অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ এশ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক কালি অভিনন্দন জনোৱা হয়। সভাত কলাগুৰু জনাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সভাপতি শশাংক শেখৰ বৰাই ।শ্ৰদ্ধাঞ্জলিত অংশ লয় সভাৰ মুখ্য অতিথি দৰংমহাবিদ্যালয়ৰ অধ্যাপক ডঃ সঞ্জয় ডেকা আৰু বিশিষ্ট ব্যক্তি সকলে । সমাজৰ সাধাৰণ সম্পাদক বিক্ৰম কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত বেছেৰীয়া আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উঃ মাঃৰ চূড়ান্ত পৰীক্ষাত এশ শতাংশ শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈ অভিলেখ সৃষ্টি কৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা এগৰাকী আদৰ্শ শিক্ষক উৎপল বৰা দেৱৰ শ্ৰম আৰু আপ্ৰাণ চেষ্টাক সকলোৱে শলাগ জনাই আৰু তেখেতক পূবেৰুণ সাংস্কৃতিক সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । সভাৰ আৰম্ভণিতে এটি বিষ্ণু ৰাভা গীত পৰিবেশন কৰে কৃতী ছাত্ৰী নিয়ৰ কণা বৰাই । সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সমাজকৰ্মী অভিজিত কলিতাই সাৰুৱা বক্তব্য আগবঢ়োৱাৰ লগতে সভাৰ মুখ্য অতিথি দৰং মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ সঞ্জয় ডেকাই বিষ্ণু ৰাভা দেৱৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি এটি বক্তব্য প্ৰদান কৰে । নিৰ্দিষ্ট বক্তা হিচাপে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন কলিতা দেৱে বিষ্ণু ৰাভাৰ জীৱন দৰ্শন আৰু কৃতী ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতি এটি শুভেচ্ছামৃলক ভাষণ আগবঢ়ায় ।সভাত একোটিকৈ বিষ্ণু ৰাভা গীত পৰিবেশন কৰে মৃদুৎপল বৰা আৰু মৃদুল কুমাৰ দাসে । সমাজৰ সদস্য তথা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি মৃগেন চন্দ্ৰ বড়াই কলাগুৰু জনাৰ অভিনীত নটসূৰ্য ফণী শৰ্মাৰ চিৰাজ নাটকৰ অভিনয় কৰাৰ লগতে ৰসাল কথাৰে দৰ্শকক হাঁহিৰ খোৰাক যোগায় । সভাত সম্বৰ্ধিত উৎপল বৰা দেৱেও এটি সুন্দৰ বক্তৃতা প্ৰদান কৰে । এশ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনোৱা অনুষ্ঠানটিৰ আঁত ধৰে শচীন্দ্ৰ কুমাৰ বৰাই । কৃতী ছাত্ৰী কৰিণা কটকীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি এটি বক্তব্য ৰাখে ।আৰ্থিক ভাৱে অতি দূৰ্বল কৃতী ছাত্ৰী কৰিণা কটকীক পূবেৰুণৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ সম্পূৰ্ণ সাজ পোছাকৰ খৰছ আগবঢ়োৱাৰ বিষয়ে সভাত সদৰী কৰে বিক্ৰম কুমাৰ বৰাই । সভাপতিৰ ভাষণত শশাংক শেখৰ বৰাই ৰাভা দেৱৰ “এয়ে মোৰ শেষ গান- – – গীতটি গাই দৰ্শকক আমোদ দিয়ে । সভাত শলাগ জ্ঞাপন কৰে বিক্ৰম কুমাৰ বৰাই ।