শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৬মে’: তেজপুৰৰ মাজগাঁও হাতভগা চুবুৰী নিবাসী তথা ইঞ্চপায়াৰ একাডেমিৰ একাদশ শ্ৰেণীৰ প্ৰতিভাশালী ছাত্ৰী উপাসনা কলিতাই তেওঁৰ পাৰদৰ্শিতাৰ বলত নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে তেওঁ পাঁচবিধ লোকবাদ্য বাদনৰে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, যোৱা ১১ এপ্ৰিলত তেওঁ ৰাজ্যৰ পাঁচবিধ লোকবাদ্য ঢোল, খোল, নাগাৰা, গগনা আৰু সুতুলি বজাই প্ৰদৰ্শন কৰাৰ পাছত আজি উপাসনাক তেওঁৰ পাৰদৰ্শিতাৰ বাবে তেওঁৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত ২২ এপ্ৰিলত অন্তৰ্ভুক্তিৰ বিষয়ে জনোৱা হয় আৰু আজি তেওঁ ইয়াৰ প্ৰমাণপত্ৰ লাভ কৰে । উল্লেখযোগ্য যে, লোকবাদ্যৰ উপৰি প্ৰতিভাশালী উপাসনাই মৃন্ময় প্ৰতিমা নিৰ্মাণৰ লগতে, বিহু নাচ,অভিনয়ৰ ক্ষেত্ৰতো পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ লগতে জিলা,ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।
