শতাব্দ প্ৰতিনিধি তেজপুৰ ,২আগষ্ট: তেজপুৰৰ পৰোৱাত আৰম্ভ হোৱা প্ৰসূতি আৰু নৱজাতকৰ চিকিৎসালয়ৰ সন্মুখত আজি দিনত এক উচ্ছেদ অভিযান চলাই শোণিতপুৰ প্ৰশাসনে। তেজপুৰ সদৰ ৰাজহ চক্ৰবিষয়াৰ উপস্থিতিত চিকিৎসালয়খনৰ সন্মুখত তথা ব্যস্ততাপূৰ্ণ পথটোৰ কাষত অবৈধ ভাবে গঢ় লৈ উঠা কে’বাখনো দোকান আজি উচ্ছেদ কৰা হয়। এস্কাভেটৰৰ সহায়ত চলা এই উচ্ছেদ অভিযানৰ সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়াজনে প্ৰকাশ কৰে যে, চিকিৎসালয়লৈ ৰোগীৰ আহ-যাহ তথা এম্বুলেঞ্চ আদিৰ লগতে সেই পথৰে যাতায়াতৰ ক্ষেত্ৰত যাতে ভৱিষ্যতে কোনো সমস্যাৰ উদ্ভৱ নহয় আৰু পথৰ দাঁতিত নিশাৰ ভিতৰতে অবৈধ ভাবে গঢ় লৈ উঠা দোকান সমূহৰ বাবে যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবেই প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে,আজি চলা এই উচ্ছেদ অভিযান শান্তিপূৰ্ণ ভাবেই সমাপ্ত হয়