তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত বিষয়া ৰূপনাথ উপাধ্যায়ৰ আকস্মিক মৃত্যু

শোকাচ্ছন্ন তেজপুৰ

0 26

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৪ ছেপ্টেম্বৰ : তেজপুৰ চানমাৰীৰ এগৰাকী বিশিষ্ট নাগৰিক তথা অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া ৰূপনাথ উপাধ্যায়ৰ কালি নিশা আকস্মিক ভাৱে নিজ বাসগৃহতে পৰলোক প্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। একালৰ স্বাধীনতা সংগ্ৰামী প্ৰয়াত ছবিলাল উপাধ্যায়ৰ জ্যেষ্ঠ নাতি আৰু লেখক, কবি টংক নাথ উপাধ্যায় আৰু ভাগীৰথী দেৱীৰ জ্যেষ্ঠ পুত্ৰ তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট লেখিকা গীতা উপাধ্যায়ৰ ভাতৃ ৰূপনাথ উপাধ্যায় সম্পূৰ্ণ সুস্থ অৱস্থাতে আন দিনাৰ দৰে নিত্য নৈমিত্তিক কৰ্মত ব্যস্ত হৈ থকাৰ মাজতে নিশা প্ৰায় ১২ – ৪৫ বজাত হৃদযন্ত্ৰজনিত ৰোগত আক্ৰান্ত হৈ পৰাৰ পিছত পৰিয়ালৰ লোকে ততাতৈয়াকৈ স্হানীয় টাইমছ হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।উল্লেখ্য যে, ১৯৪১ চনৰ ১৭ মাৰ্চত পূৰ্বৰ শোণিতপুৰ জিলাৰ গাংমৌথান গাঁৱত জন্মগ্ৰহণ কৰা আৰু শেহতীয়াকৈ তেজপুৰৰ চানমাৰীত নিগাজীকৈ থাকিবলৈ লোৱা প্ৰয়াত ৰূপনাথ উপাধ্যায়ে অসম চৰকাৰৰ গড়কাপ্তনি বিভাগত সুদীৰ্ঘ দিন কাৰ্যনিৰ্বাহ কৰি ২০০০ চনত কাৰ্যবাহী অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ কিছু দিনৰ বাবে গুৱাহাটীৰ পথ গৱেষণা পৰীক্ষাগাৰৰ উপ-সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।প্ৰয়াত উপাধ্যায়ে মৃত্যুৰ সময়ত তেওঁৰ কন্যা মনোৰমা উপাধ্যায়, পুত্ৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন গগণ উপাধ্যায়, দিবাকৰ উপাধ্যায়ৰ উপৰি ভগ্নী লেখিকা গীতা উপাধ্যায় আৰু ভাতৃদ্বয় তেজপুৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ স্বৰূপ উপাধ্যায় আৰু ড০ মহেন্দ্ৰ উপাধ্যায়কে ধৰি অলেখ শোক সন্তপ্ত গুণমুগ্ধ আৰু আত্মীয় স্বজনক এৰি থৈ গৈছে এইগৰাকী সৰবৰহী ব্যক্তিৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, চানমাৰী নাগৰিক সমাজৰ গণেশ পৌড়েল, সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক চন্দ্ৰমণি উপাধ্যায়, জ্ঞানবাহাদুৰ ছেত্ৰী, বিশিষ্ট লেখিকা ড০ শ্বৰিতা শৰ্মা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.