তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা জীনা ৰাজকুমাৰীৰ গীত – কথা আৰু নাচেৰে মুখৰ

0 37

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ :অসমৰ লোকগীত – লোকসংগীতক নিজস্ব শৈলীৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰা ভাৰত চৰকাৰৰ বৈদেশিক সমন্বয় পৰিষদৰ অনুমোদিত শিল্পী তথা প্ৰচাৰ ভাৰতীৰ বি গ্ৰেডৰ শিল্পী জীনা ৰাজকুমাৰীৰ গীত – কথা আৰু নাচেৰে আজি মুখৰিত হৈ পৰিল তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয় প্ৰাংগন। উল্লেখ্য যে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ এই বৰ্ষৰ নৱাগত আদৰণী সভাখনি আজি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ তপন কুমাৰ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হৈ যায়। নৱাগত আদৰণী সভাখনিত বিশিষ্ট অতিথি হিচাপে আসন অলঙ্কৃত কৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী জিনা ৰাজকুমাৰী গোস্বামীয়ে। শিক্ষাৰ্থী সকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত অসমৰ প্ৰতিভাশালী নৱপ্ৰজন্মক আমি জ্যেষ্ঠজনে পথ নিৰ্দেশনা কৰিব লাগিব বুলি মন্তব্য কৰি অসমীয়া জনগোষ্ঠীয় সমাজত সংগীতৰ স্বকীয় লহৰ বিৰাজমান বুলি মন্তব্য কৰে জীনা ৰাজকুমাৰী গোস্বামীয়ে ।জনগোষ্ঠীয় সমাজৰ সাংস্কৃতিক চেতনাক স্পৰ্শৰ মাজেৰে স্বৰ্গীয় অমিয়া সুধা পান কৰিব পাৰি বুলি মন্তব্য কৰি এই স্বকীয়তাই আমাৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক প্ৰধান অস্ত্ৰ বুলি মন্তব্য কৰে। বিশিষ্ট অতিথিৰ ভাষণ প্ৰসংগত শিল্পীগৰাকীয়ে নিজে অতিক্ৰম কৰি অহা দুৰাৰোগ্য কৰ্কট ৰোগৰ প্ৰতি সকলোকে আগলিভাগতে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক শৈলেন দাসে আঁত ধৰা এই অনুষ্ঠানত শিল্পী জীনা ৰাজকুমাৰীৰ জীৱন কৃতীৰ পৰিচয়মূলক আলোকপাত কৰে ইতিহাস বিভাগৰ অধ্যাপক পল্লব ভট্টাচাৰ্য্যই। প্ৰথমভাগত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ তপন কুমাৰ কলিতাই আদৰণী ভাষণ প্ৰদান কৰা এই সভাত প্ৰথম ষান্মাষিকৰ ছাত্ৰী চয়নিকা গগৈক শ্ৰেষ্ঠ আৰু নাজনীনা বেগম ক্ৰমে দ্বিতীয় শ্ৰেষ্ঠ নৱাগত বঁটা প্ৰদান কৰা হয়। বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰে পৰিপূৰ্ণ এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অৱনী কুমাৰ শৰ্মা উপস্হিত থাকি বক্তব্য প্ৰদান কৰে। মহাবিদ্যালয়খনৰ উপাধ্যক্ষা জ্যোৎস্না বৰাই বিশেষ আসন শুৱনি কৰাৰ লগতে প্ৰতিটো বিভাগৰ অধ্যাপক – অধ্যাপিকাই অংশগ্ৰহণ অনুষ্ঠানটি শিক্ষাৰ্থীৰ গীত – নৃত্যৰে মুখৰিত হৈ পৰে।

মন্তব্য দিয়ক

Your email address will not be published.