তেজপুৰৰ সোনাবিলত পুখুৰীত পৰি তিনি শিশুৰ মৃত্যু

0 33

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৪ জুন : তেজপুৰৰ নিকটৱৰ্তী সোণাবিলত তিনিটা শিশুৰ সলিল সমাধি ঘটিছে । সোনাবিলৰ বোকাজন চাহ বাগিচাত আজি দুপৰীয়া সংঘটিত হোৱা ঘটনাৰ বিষয়ে জানিব পৰা মতে, ঘৰৰ সমীপতে থকা এটা পুখুৰীৰ পাৰত খেলি আছিল তিনি শিশু অনিল দাহাংগা (৬),প্ৰিয়ংকা দাহাংগা (১১) আৰু সুমন দাহাংগা(১০)ই। একেটা পৰিয়ালৰে তিনিও শিশুৱে বিদ্যালয়ৰ পৰা আহি একেলগে খেলি  আছিল ।সেই সময়ত ঘৰত কোনো নথকাত উমলি থাকোতেই শিশু তিনিটা পুখুৰীটোত পৰি যোৱা নতুবা এটাক বছাবলৈ গৈ আনটো মৃত্যুৰ মুখত পৰা বুলি অনুমান কৰা হৈছে। পানীত ওপঙি থকা নিহত দুই কন্যা আৰু এটা ল’ৰাৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু ঘটনাস্থলীত স্থানীয় শালনিবাৰী আৰক্ষী উপস্থিত হয়। শোকাকুল পৰিৱেশে বিৰাজ কৰা অঞ্চলটোৰ ৰাইজৰ লগতে অভিভাৱকে নিহত শিশু তিনিটাৰ মৰণোত্তৰ পৰীক্ষা কৰিব নালাগে বুলি আৰক্ষীক লিখিত ভাবে অনুৰোধ জনোৱাত আৰক্ষীয়ে মৃতদেহ তিনিটা পৰিয়ালক গতাই দিয়ে। পাছত তিনিওটা শিশুৰে শোকাকুল পৰিৱেশৰ মাজত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.