শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ ডিচেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয় গণ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক সুনীল কান্ত বেহেৰাৰ কালি উৰিষ্যাৰ বঢ়মপুৰৰ এখন ব্যক্তিগত চিকিৎসালয় হৃদক্ৰিয়া বন্ধ হৈ বিয়োগ ঘটিছে। এজন মৃদুভাষী, অমায়িক আৰু নম্ৰ স্বভাৱৰ ব্যক্তি তথা এজন পণ্ডিত, আছিল। তেওঁ এজন বিশিষ্ট শিক্ষক আছিল আৰু সকলো শিক্ষাৰ্থীৰ সৈতে এক সু সম্পৰ্ক বজাই ৰাখিছিল। ২০০২ত তেজপুৰ বিশ্ববিদ্যালয়ত যোগদান কৰা অধ্যাপক বেহেৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ যোগাযোগ আৰু সাংবাদিকতাত স্নাতকোত্তৰৰ প্ৰথম শৈক্ষিক কাৰ্যসূচীৰ শুভাৰম্ভৰ সময়ত বিভাগটোৰ মুৰব্বী আছিল। পিছত তেওঁ ২০০৩ত বঢ়মপুৰ বিশ্ববিদ্যালয়লৈ উভতি যায় আৰু উৰিষ্যা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ পিছত, তেওঁ পুণৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ যোগাযোগ আৰু সাংবাদিকতা বিভাগত যোগদান কৰে আৰু ২০১৬ ৰ পৰা ২০২১ লৈ বিভাগটোত সেৱা অব্যাহত ৰাখে। আৰম্ভণিৰ পৰাই তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উন্নয়নৰ দিশত তেওঁৰ অপৰিসীম অৱদান আছে।তেওঁ কোৰাপুট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপক হিচাপেও জড়িত আছিল। কেইবাখনো বিশ্ববিদ্যালয়ত বিভিন্ন পদত সেৱা আগবঢ়াই সুখ্যাতি অৰ্জন কৰা তেওঁ নাক, মানৱ সংশাধন মন্ত্ৰণালয়, ইউপিএছচিৰ এগৰাকী সহযোগী দলৰ সদস্য হিচাপে এনএএচিৰ স’তেও জড়িত হৈ বহুতো কাম কৰাৰ উপৰি যোগাযোগ অধ্যয়নৰ ক্ষেত্ৰত বহুকেজন শিক্ষাবিদৰ পৰামৰ্শদাতা আৰু নিৰ্দেশকৰ দায়িত্বও পালন কৰিছিল। তেওঁৰ অকাল মৃত্যু দেশৰ সংশ্লিষ্ট বিভাগৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ উৰিষ্যাৰ গঞ্জাম জিলাৰ আস্কা নামৰ এখন চহৰৰ পৰা আহি বঢ়মপুৰ বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্যবিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত এগৰাকী বেংক বিষয়া হিচাপে যোগদান কৰে আৰু পিছত শিক্ষকতা বৃত্তিত যোগদান কৰে। তেওঁ তেওঁৰ বি. জে. এম. চি কৰিছিল আৰু তাৰ পিছত উৰিষ্যাৰ বঢ়মপুৰ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণ যোগাযোগ বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল।তদুপৰি, তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা এম জে এম চি কৰিছিল।ইয়াৰ পৰাই তেওঁ পিএইচডি অৰ্জন কৰে আৰু এজন ৰিডাৰ আৰু তাৰ পিছত অধ্যাপক হয়৷বিয়োগৰ সময়ত তেওঁ তেওঁৰ পত্নী, এগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি গৈছে। এইগৰাকী শিক্ষাবিদক হেৰুৱাই তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।উল্লেখযোগ্য যে, তেওঁ মৃত্যুৰ পূৰ্বে নিজ দেহ দান কৰি গৈছে৷