তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত

0 17

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৬মেঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ছোৱালী মহাবিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগত, মহাবিদ্যালয় প্ৰাংগনত যোৱা ২৫ মে’ তাৰিখে এক তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ গণমাধ্যম আৰু সাংবাদিকতা বিভাগৰ স্নাতকোত্তৰ শিক্ষাৰ্থীসকলে পাঠ্যক্ৰমৰ অংশস্বৰূপে নিৰ্মাণ কৰা এই তথ্যচিত্ৰসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এই প্ৰদৰ্শনী অনুষ্ঠানটো আয়োজন কৰা হয়। চলচ্চিত্ৰ হৈছে এক শক্তিশালী সমাজ সংস্কাৰী গণমাধ্যম আৰু তথ্যচিত্ৰসমূহ উপভোগৰ জৰিয়তে শিক্ষাৰ্থী তথা সাধাৰণ ৰাইজ যাতে উপকৃত হ’ব পাৰে তেনে এক উদ্দেশ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে এই আন্তৰিক প্ৰচেষ্টা বহু বছৰ ধৰি হাতত লৈ আহিছে আৰু বিভিন্ন ঠাইত বিনামূলীয়াকৈ এই তথ্যচিত্ৰসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ছোৱালী মহাবিদ্যালয়, তেজপুৰৰ অধ্যাপিকা ড° নন্দিতা মণ্ডলে আঁত-ধৰা  অনুষ্ঠানটোত ‘মায়ং’ আৰু ‘আণ্ডাৰ দ্য শাল ট্ৰী’ নামৰ দুখনকৈ শিক্ষাৰ্থীসকলৰ মনোগ্ৰাহী তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানটোত তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড° পে’ৰ’ছ জিমী দৈমাৰী, ড° মনোজ দেউৰী তথা জ্যেষ্ঠ কাৰিকৰী সহায়ক চঞ্চল সিংহকে প্ৰমুখ্য কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ছোৱালী মহাবিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে। তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখনি তথ্যচিত্ৰভিত্তিক কুইজ প্ৰতিযোগিতা তথা ছাত্ৰীসকলৰ সৈতে এটি মুকলি অন্তৰংগ আলাপো অনুষ্ঠিত কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ শুভম গোস্বামীয়ে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতা তথা অন্তৰংগ আলাপ অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ স্নাতক পৰ্যায়ৰ শতাধিক ছাত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

মন্তব্য দিয়ক

Your email address will not be published.