শতাব্দ’ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩ ডিচেম্বৰ : আজি ৩ ডিচেম্বৰত বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে কৰুণাধাৰাৰ শোণিতপুৰ জিলা তেজপুৰ শাখাৰ সৌজন্যত তেজপুৰ কেতেকীবাৰীস্হিত শিশুগৃহ নৱপ্ৰভাতত কেইবাখনো বিদ্যালয়ৰ শিশুৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কৰুণাধাৰাৰ তেজপুৰ শাখাৰ ড০ কৃষ্ণা শৰ্মা আৰু বিনু ভূঞাই আতঁ ধৰি আৰম্ভ কৰা প্ৰতিযোগিতাখনত বিনীতা দাস ব্ৰহ্ম, চম্পা সিং, কাঞ্চন শইকীয়ো সহযোগিতা আগবঢ়ায়। কৰুণাধাৰাৰ তেজপুৰ শাখাৰ উপদেষ্টা বিশিষ্ট চিকিৎসক ডা০সৌৰভ ভূঞাই প্ৰতিবন্ধী দিৱসৰ তাৎপৰ্যৰ ওপৰত সুন্দৰ ভাৱে আলোকপাত কৰা অনুষ্ঠানটিত কৰুণাধাৰাৰ কৰ্ম ৰাজিৰ তথা স্বচ্ছতাৰ বিষয়েও বিশদভাৱে ছাত্ৰ ছাত্ৰী তথা শিক্ষক সকল, অভিভাৱক সকলক বুজাই দিয়ে আৰু দান বৰঙনি আগবঢ়াবলৈ অনুৰোধ জনায়। আজিৰ প্ৰতিযোগিতাখনিৰ বিচাৰক হিচাবে ডা০ তুলতুল মূখাৰ্জী আৰু জ্ঞানেন্দ্ৰ নাথ বৰাই সুন্দৰকৈ পৰিচালনা কৰি প্ৰতিযোগী সকলৰ পৰা ২ টা শাখাত মুঠ ২৭ জন ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰথম, ২ য় ,৩ য় কৈ ৬ টা পুৰস্কাৰৰ উপৰিও ২টা উদগণিমূলক পুৰস্কাৰ প্ৰদান কৰা হয় ।অনুষ্ঠানটিত কে পি মেমৰিয়েল স্কুলৰ শিক্ষয়িত্ৰী বৃন্দই যথেষ্ট সহযোগ কৰে। নৱপ্ৰভাতৰ শিশু সকলৰ মাতৃ তৃষ্ণামনি লস্কৰ শইকীয়াই অতি নিখুঁত ভাৱে অনুষ্ঠান টি আয়োজন কৰাত সহায় কৰে । আজিৰ দিৱসটিৰ লগত সংগতি ৰাখি তেজপুৰৰ এজন বিশেষভাৱে সক্ষম লৰা অৰুণজ্যোতি বৰুৱাক অভিনন্দন জ্ঞাপন কৰে । উল্লেখ্য যে অৰুণজ্যোতিয়ে ইতিমধ্যে বহু নাটক, কবিতা লিখি নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে।
