তেজপুৰ বৰঝাৰ গাঁৱত কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ শুভ উদ্বোধন

0 21

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ নবেম্বৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু IRRI, OPIU ( Operational project implementation unit) -AGRI, Ghy ৰ সহযোগত তেজপুৰৰ বৰঝাৰ গাঁৱৰ শইকীয়া চুবুৰীত মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই কৃষিখণ্ডত সংযোগ কৰা শেহতীয়া প্ৰযুক্তি মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ  জৰিয়তে নিজেই কৃষকৰ পথাৰত ধান কাটি এই প্ৰযুক্তিৰ সুবিধা ল’বলৈ কৃষকসকলক উৎসাহিত কৰে। জিলা কৃষি বিষয়া পংকজ শইকীয়া আঁত ধৰা অনুষ্ঠানটোত IRRI ৰ বিশেষজ্ঞ বিবেক কুমাৰে মিনি কমাইণ্ড হাৰ্ভেষ্টাৰৰ জৰিয়তে কৃষকসকল কিদৰে লাভান্বিত হ’ব সেই বিষয়ে বিশদ বিবৰণ আগবঢ়ায়। কৃষকসকলক চৰকাৰে ৰেহাই মূল্যত প্ৰদান কৰা কম্বাইন হাৰ্ভেষ্টাৰৰ এই অত্যাধুনিক প্রযুক্তিয়ে কৃষি ক্ষেত্রত এক বিপ্লৱৰ সূচনা কৰিব বুলি মন্তব্য কৰে  বিধায়ক পৃথ্বীৰাজ ৰাভাই, লগতে একেদৰা মাটিতে ঋতু অনুসৰি বিভিন্ন খেতি কৰিবলৈ পৰামৰ্শ আগবঢ়ায় বিধায়ক পৃথ্বীৰাজ ৰাভাই ।
অনুষ্ঠানতে জিলা কৃষি বিষয়া পংকজ শইকীয়াই কৃষি বিভাগৰ তৰফৰ পৰা ৰেহাই মূল্যত জিলাখনৰ কৃষি উৎপাদক কোম্পানীসমূহক আগবঢ়োৱা এই অত্যাধুনিক প্রযুক্তি কম্বাইন হাৰ্ভেষ্টাৰৰ লাভ উঠাবলৈ কৃষকসকলক পৰামৰ্শ দিয়াৰ লগতে বিভাগৰ তৰফৰ পৰা ভৱিষ্যতে সকলো সহায় সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে । অনুষ্ঠানত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, KVK বিশেষজ্ঞ মুনমুন বসুমতাৰী, ICCOA ৰ বিষয়া কিশোৰ বৰুৱা, মহকুমা কৃষি বিষয়া প্ৰাঞ্জল শৰ্মা, কৃষি বিভাগৰ বহুকেইগৰাকী বিষয়াৰ লগতে ২০০ ৰো অধিক কৃষক উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.