শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ যি সময়ত লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত জৰাজীৰ্ণ পথে ৰাইজক জীয়াতু ভোগাইছে তেনে সময়তে উত্তৰ লখিমপুৰ নগৰৰ চাবতিত লখিমপুৰৰ লোকনিৰ্মাণ বিভাগে ১০ কোটি টকাৰ ব্যয় সাপেক্ষে পূৰ্বৰ মসৃণ প্ৰেভাৰ ব্লকৰ পথৰ ওপৰতে ব্লেকট্ৰপিং পদ্ধতিৰে পথ নিৰ্মাণ কৰি কোটি কোটি টকাৰ অপচয় কৰা কাৰ্যই ৰাইজক আচৰিত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰৰ লোক নিৰ্মাণ বিভাগে ২০২২-২৩ বৰ্ষত মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত উত্তৰ লখিমপুৰ নগৰৰ পুৰণা চিভিল হাস্পতালৰ পৰা লীলাবাৰীলৈ [ৰঙাজান পথ] ৫ৰ১৬ কিলোমিটাৰ দৈঘ্যৰ পথ নিৰ্মাণৰ বাবে ১০ কোটি টকা আৱণ্টন কৰাৰ পিছত অভিজিৎ পাটোৱাৰী নামৰ ঠিকাদাৰজনে ৬-০৪-২০২৩ তাৰিখে এই পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰে৷ বিভাগীয় নিৰ্দেশনা অনুসৰি এতিয়া পূৰ্বৰ প্ৰেভাৰ ব্লকৰ পথৰ ওপৰতে ডি ডি এম পদ্ধতিৰে পথটো নিৰ্মাণ কৰিবলৈ লোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ একেটা পেকেজতে একেজন ঠিকাদাৰে একেটা পুঁজিৰ অধীনত কে বি ৰোডৰ দেবেৰাৰ পৰা এঙাৰখোৱা পেট্ৰল ডিপু হৈ এফ চি আই গুদামলৈ ৩.৬৩৮ কিলোমিটাৰ দৈঘ্যৰ পথ নিৰ্মাণৰ দায়িত্বও লাভ কৰিছে ঠিকাদাৰ অভিজিৎ পাটোৱাৰীয়ে৷ ইতিমধ্যে নিবিদাপ্ৰাপ্ত ঠিকাদাৰে দুয়োটা পথেই নিৰ্মাণত ব্যস্ত হৈ পৰিছে৷ পৰিতাপৰ কথা যে জিলাখনৰ পানীগাঁৱৰ পৰা খাৰকাটি সংযোগী ৪ কিলোমিটাৰ দৈঘ্যৰ ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ পথটো অতি বিধবস্ত আৰু যাতায়াতৰ অনুপযোগী হৈ পৰাৰ পিছতো এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত লখিমপুৰ লোকনিৰ্মাণ বিভাগে কোনো চিন্তা চৰ্চা নকৰি এনেদৰে কোটি কোটি টকাৰ ব্যয় সাপেক্ষে পূৰ্বে নিৰ্মাণ কৰি থোৱা প্ৰেভাৰ ব্লকৰ পথৰ ওপৰতে ডি বি এম পদ্ধতিৰে [ব্লেকট্ৰপিং] পথ নিৰ্মাণ কৰিবলৈ লোৱাত লোক নিৰ্মাণ বিভাগৰ কামকাজক লৈ ৰাইজে তীব্ৰ সমালোচনা কৰিছে৷ উল্লেখ্য যে জিলাখনৰ আৰু বহু ঠাইত এতিয়া ভগ্ন তথা পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱা পথৰ ওপৰেৰে ৰাইজে যাতায়াত কৰি আহিবলগা হৈছে৷ তেনে সময়তে লোকনিৰ্মাণ বিভাগে লখিমপুৰত এনেদৰে পথৰ ওপৰতে পথ নিৰ্মাণ কৰি কোটি কোটি টকা ব্যয় কৰাৰ কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ আনহাতে প্ৰেভাৰ ব্লকৰ ওপৰত ব্লেকট্ৰপিঙৰ পথ নিৰ্মাণ কৰাত তেনে পথৰ স্থায়িত্ব কিমান দিনীয়া হ’ব তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে৷