তৈল প্ৰতিষ্ঠানলৈ অসম আৰক্ষীৰ পুনৰ সতৰ্কবাণী
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ মে’ :
অসম আৰক্ষীয়ে চোৰাংচোৱাৰ খবৰৰ ভিত্তিত উজনি অসমত থকা অইল ইণ্ডিয়া লিমিটেড আৰু অ’ এন জি চি ৰ তৈল প্ৰতিষ্ঠান সমূহত সংযুক্ত মুক্তি বাহিনী(স্বাধীন)এ আঘাত কৰিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ পূৰ্বে যোৱা ২২ ফেব্ৰুৱাৰীতো অসম আৰক্ষীয়ে এনে সতৰ্কবাণী জাৰি কৰিছিল।
এই সতৰ্কবাণীৰ পৰিপ্ৰেক্ষিতত এতিয়া দুয়োটা প্ৰতিষ্ঠানেই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। অ’ এন জি চি কৰ্তৃপক্ষই ইতিমধ্যে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ লগত নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত কৰি সকলো বিষয়া-কৰ্মচাৰীকে বিশেষকৈ তৈলক্ষেত্ৰ সমূহত নিয়োজিত সকলক সতৰ্ক কৰি দিছে। আনহাতে দুলীয়াজানত মুখ্য কাৰ্যালয় থকা অইল ইণ্ডিয়া লিমিটেডেও আৰক্ষীৰ সতৰ্কবাণীৰ পাছত নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত কৰি সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰতিষ্ঠানটোৰ বিষয়া-কৰ্মচাৰী সকলক সকীয়াই দিছে। তৈল প্ৰতিষ্ঠান দুটাৰ বিষয়া-কৰ্মচাৰীক অপহৰণ কৰাৰো সম্ভাৱনা থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ২০২১ চনৰ ২১ এপ্ৰিলত অ’ এন জি চিৰ লাকুৱা তৈলক্ষেত্ৰৰ পৰা সংযুক্ত মুক্তি বাহিনী (স্বাধীন) য়ে তিনিজনকৈ কৰ্মচাৰীক অপহৰণ কৰিছিল।