থাইলেণ্ডত নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ লখিমপুৰৰ ‘নৃত্যবন’ৰ

0 89

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩ আগষ্টঃ নর্থ ইষ্ট আশীৰ্বাদ ফাউণ্ডেশ্যনৰ তত্বাৱধানত নৃত্যবনৰ পৰিচালিকা মায়ুৰী দত্তৰ সহযোগত লক্ষীমপুৰৰ অগ্ৰণী নৃত্যানুস্থান ”নৃত্যবন”ৰ এটি দলে সুদূৰ থাইলেণ্ডৰ মহাচাৰখম ইউনিভাৰ্চিটি আৰু কালাচীন কলেজ অৱ ড্ৰামাটিক আৰ্টছত নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। আন্তৰ্জাতিক খ্যাতি সম্পন্ন শিল্পী জীনা ৰাজকুমাৰীৰ তত্বাৱধানত অসমৰ পৰা ৩০ জনীয়া এটি শিল্পীৰ দল ২৩ জুলাইত গুৱাহাটীৰ পৰা থাইলেণ্ড অভিমুখে ৰাওনা হয়। এই আন্তৰ্জাতিক বিনিময় কাৰ্য্যসূচী সমূহত অন্যান্য শিল্পী সকলৰ লগতে নৃত্যবনৰ পৰিচালিকা ময়ুৰী দত্তৰ পৰিচালনাৰে চাৰিটিকৈ নৃত্য প্ৰদৰ্শন কৰে। প্ৰথমে নৃত্যবনৰ হৈ ময়ুৰী দত্ত, বৃতিপ্ৰিয়া দাস, আকাংক্ষা মাধৱ দত্ত, নিহাৰিকা কোঁৱৰ আৰু শ্ৰুতি তাওৱে এটি সর্বাংগ সুন্দৰ কথক নৃত্য পৰিবেশন কৰি শ্ৰোতা দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।ইয়াৰ উপৰিও তেওঁলোকে শিৱ বন্দনা আৰু গণেশ বন্দনা পৰিবেশন কৰি উচ্চ ভাবে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। মায়ুৰী দত্তৰ নৃত্য পৰিচালনাৰে কথাৰসিক ডাঃ অঞ্জন জ্যোতি চৌধুৰীয়ে পৰিৱেশন কৰা ”প্ৰতিধ্বনি শুনো মই” এই গীতৰ তালে তালে নৃত্য পৰিবেশন কৰি নৃত্যবনৰ ছাত্ৰী কেইগৰাকীয়ে উপস্হিত দশকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰি লখিমপুৰ লৈ গৌৰৱ কঢ়িয়াই আনে। ইয়াৰোপৰি আন্তৰ্জাতিক খ্যাতি সম্পন্ন শিল্পী জীনা ৰাজকুমাৰী গোস্বামীৰ গীতৰ তালে তালে হাজং, তিৱা আৰু বিহু নাচ পৰিবেশন কৰি ছাত্ৰী কেইগৰাকীয়ে সমাদৰ লাভ কৰে। সাংস্কৃতিক বিনিময় কাৰ্য্যসূচী হিচাপে অসম তথা লখিমপুৰৰ শিল্পী সকলে থাইলেণ্ডৰ লোকনৃত্যৰ শিক্ষা লয় আৰু থাইলেণ্ডৰ শিল্পী সকলে অসমৰ লোকনৃত্য বিহু আৰু ঢোল বাদন অনুশীলন কৰে। অতিথি সকলৰ ভিতৰত ডঃ অসীম বৰা, ডঃ সংগীতা কাকতি, ডাঃ অঞ্জনজ্যোতি চৌধুৰীৰ লগতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন মাণ্ডলিক সঞ্চালক দেবেন্দ্ৰ নাথ বসুমতাৰী, প্ৰাক্তন প্ৰশাসনিক বিষয়া ৰাজীব ভূষণ বৰুৱাই। এই কাৰ্য্যসূচী সমূহত মুখ্য অতিথি হিচাপে উপস্হিত থাকে কালাচীন ড্ৰামাটিক আৰ্টচৰ সঞ্চালক ডঃ কেমৰণ কেপ্ৰকাও। উল্লেখ্য যে ময়ুৰী দত্তই ২০০৯ চনতে পিতৃ প্ৰয়াত সাংবাদিক টংকেশ্বৰ দত্তৰ অনুপ্ৰেৰণা আৰু পৰিয়ালৰ সহযোগত নিজা বাসভবনতে নৃত্যবন নামেৰে অতি নৃত্যানুস্থান প্ৰতিষ্ঠা কৰি বিগত প্রায় ১৮ বছৰ ধৰি সুন্দৰ আৰু সফল ভাবে পৰিচালনা কৰি আজিৰ এই পৰ্যায় পাবলৈ সক্ষম হৈছে।বৰ্তমান ডেৰশৰো অধিক ছাত্র-ছাত্রীয়ে নৃত্যৰ প্ৰশিক্ষণ লোৱাৰ উপৰিও অভিনয়, যোগ আদিৰো প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

মন্তব্য দিয়ক

Your email address will not be published.