শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯জুলাইঃ ৰাজ্যৰ বিভিন্ন শিক্ষাখণ্ডৰ প্ৰাথমিক বিদ্যালয় সমূহত পদহীনতাৰ বিপৰীতে ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষকৰ দায়িত্ব পালন কৰাৰ বাবে লাভ কৰা তিনিশ টকাৰ দায়িত্ব বানচ আজি শোণিতপুৰৰ বিভিন্ন শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক বিদ্যালয়ৰ একাংশ ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষকে জুলাই মাহৰ পৰা এই দায়িত্ব বানচ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে৷অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত চলাই অহা আন্দোলনৰ অংশ ৰূপে শোণিতপুৰৰ পাঁচটা শিক্ষাখণ্ডৰ তথা তেজপুৰ মহকুমাৰ ৫২৫খন প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলে এই দায়িত্ব বানচ জুলাইৰ পৰা গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয়৷আজি এই পাঁচটা শিক্ষাখণ্ডৰ ভিতৰত তেজপুৰ সদৰত অৱনী কুমাৰ বৰা, বিজিত কলিতা, গাভৰু খণ্ডত আফাজ খান,জয়ন্ত বৰা,দিলীপ নাথ,ডিম্বেশ্বৰ হাজৰিকা, জনাৰ্দ্দন পাঠক,ঢেকিয়াজুলিত গোবিন্দ খতিৱৰা, হৰেন দাস ,লক্ষ্মী দেৱী,বালিপৰা সপোনতি গোস্বামী,গৌৰব মহন্ত,আম্বিয়া বেগম, নদুৱাৰত জ্যোতি ভট্টাচাৰ্য, ৰাজেন্দ্ৰ কলিতাই আৰু কেন্দ্ৰ সমুহৰ শিক্ষক,শিক্ষয়িত্ৰী বৃন্দই তেওঁলোকৰ ঘোষণা পত্ৰসমূহ প্ৰদান কৰাৰ লগতে প্ৰকাশ কৰে যে এই দায়িত্ব বানচ অবিহনেই ছাত্ৰছাত্ৰীৰ স্বাৰ্থত তেওঁলোকে পূৰ্বৰে পৰা পালন কৰি অহা দায়িত্বসমূহ পালন কৰি যাব যদিও নতুনকৈ কোনো দায়িত্ব জাপি দিলে সেয়া পালনৰ পৰা বিৰত থাকিব৷