শতাব্দ দিচাংমুখৰ প্ৰতিবেদক, ১৫ জুনঃ বাৰিষা বতৰত এখন নাৱৰ প্ৰয়োজনীয়া কিমান সেয়া সকলোৱে জানে। কিন্তু নাজানে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে। তাৰ ফলস্বৰূপে বিভাগৰ এখন কাৰ্যক্ষম নাও বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবেই পানীত বুৰ গৈ আছে। বিভাগটোৰ ডিব্ৰুগড় কাৰ্যালয়ৰ অন্তৰ্গত দিচাংমুখত থকা আভ্যন্তৰীণ জল পৰিবহণৰ তুফান নামৰ ফেৰীখন অব্যৱহিত হৈ থকাৰ লগতে পানীৰ মাজত ডুব গৈ থকা পৰিলক্ষিত হৈছে ৷ বিভাগটোত প্ৰায় ৭০/৮০ গৰাকী কৰ্মচাৰী নিয়োজিত হৈ আছে যদিও ফেৰীখন চোৱাচিতা নকৰাৰ বাবে বিগত কেইবাদিনো ধৰি এনেদৰে পানীৰ মাজত ডুব গৈ থকাটো বিভাগটোৰ অকৰ্মণ্যতা প্ৰতিপন্ন হৈছে ৷ বিভাগটোৰ একাংশ কৰ্মচাৰী নিজা কৰ্তব্য পালন নকৰাকৈ ঘৰতে শুই বহি দৰমহা লোৱাৰ গুৰুতৰ অভিযোগ আছে ৷ উল্লেখ্য যে উক্ত ফেৰীখন প্ৰতি বছৰে ডিব্ৰুগড় কাৰ্যালয়ত নিবিদাৰ জৰিয়তে ঠিকাদাৰৰ হতুৱাই মেৰামতি কৰাই থকা হয় যদিও নাওখন বৰ্তমান পানীৰ মাজত ডুব গৈ থকাটো ঠিকাদাৰ আৰু বিভাগটোৰ গাফিলতি প্ৰকট কৰি তুলিলে ৷ বিশেষকৈ দিচাংমুখৰ আভ্যন্তৰীণ জল পৰিবহণৰ এচ অ’ গৰাকীৰ অৱহেলাৰ বাবে ফেৰীখন পানীৰ মাজত ডুব গৈ আছে ৷ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্য়ৱস্থা লয় সেয়া লক্ষ্যণীয় হব।