দীঘলী পুখুৰী আপুনি-মই ভবাতকৈ পুৰণি

0 0

শৈলেন বৰুৱা

দীঘলী পুখুৰী কোনে খন্দাইছিল? তাৰ বিজ্ঞানসন্মত তথ্য এতিয়ালৈকে বাহিৰ হোৱা নাই। ই অসমৰ আটাইতকৈ পুৰণি পুখুৰী বুলি জনা যায়। কোনোৰ মতে পুখুৰীটো মহাভাৰতৰ যুগৰে… এটা কথা সত্য যে আহোম ৰাজত্ব কালত খন্দোৱা পুখুৰীৰ সৈতে দীঘলী পুখুৰীৰ সাদৃশ্য নাই, সেয়েহে ই আহোম ৰাজত্ব কালৰ আগৰেই পুখুৰী হ’ব লাগিব। কোনো কোনো তথ্যত পোৱা যায় যে চলাবিলৰ (মেঘদূত চিনেমা হলৰ ওচৰৰ) লগত দীঘলী পুখুৰী সংযোগ হৈ এসোঁতা জলধাৰা ব্ৰহ্মপুত্ৰত পৰিছিল। অৰ্থাৎ ই এখন নদী আছিল। আনহাতে চলাবিল তেতিয়া মৰা ভৰলুৰে সংযোগ আছিল। এই প্ৰাকৃতিক পৰিৱেশক ভিত্তি কৰি পিছৰ কালত আহোম ৰাজত্বৰ সময়ত বৰফুকনে নৌ যুদ্ধৰ বেহু ৰচনা কৰিছিল। নাওবোৰ দীঘলী পুখুৰী খণ্ডত লুকুৱাই ৰাখি থৈছিল আৰু পাণ্ডু দিশৰ পৰা শত্ৰুৰ নাও উজাই আহিলে আহোম সেনাৰ একাংশ নাও চলাবিল-মৰা ভৰলু হৈ পশ্চিম দিশলৈ গৈ শত্ৰুৰ নাও পিছফালৰ আক্ৰমণ কৰিছিল আৰু একাংশ নাও দীঘলী পুখুৰী খণ্ডৰ পৰা উত্তৰে ওলাই (উচ্চ ন্যায়ালয়ৰ দিশে) শত্ৰুৰ নাও সন্মুখৰ পৰা আক্ৰমণ কৰিছিল। ফলত শত্ৰুপক্ষৰ পৰাজয় নিশ্চিত হৈ পৰিছিল। (নাওজান-চলাবিল-দীপৰ বিল-খন্দাজান আদিৰেই যুদ্ধ তৰী আগবাঢ়িছিল যদিও সেই বিস্তৃত বিবৰণ দিলে লেখাটো দীঘলীয়া হব বুলি চমুৱালো)

দীঘলী পুখুৰীটো আহোম ৰাজত্ব কালত আহোম সেনাৰ নৌ কোঠ হিচাপে ব্যৱহাৰ হৈছিল। যুদ্ধ নৌকাবোৰ লুকুৱাই/সুৰক্ষিত কৰি ৰাখিবলৈ পোতাশ্ৰয় হিচাপে দীঘলী পুখুৰীক ব্যৱহাৰ কৰা হৈছিল। তেতিয়া পুখুৰীটো(?) ব্ৰহ্মপুত্ৰৰ সৈতে সংলগ্ন আছিল। পিছত দীঘলী পুখুৰীৰ উত্তৰ আৰু দক্ষিণ দিশৰ এচোৱা পুতি পেলোৱা হৈছিল। য’ত এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় আছে, সেই উত্তৰ দিশো পুতি পেলোৱা হৈছিল।

আমি কলেজত পঢ়ি থকা অৱস্থাত দীঘলী পুখুৰীত “নবীন শৰ্মা সাঁতোৰ সংঘ”ৰ জৰিয়তে শিশুসকলক সাঁতোৰৰ প্ৰশিক্ষণ দিয়া দেখিছিলো। পুখুৰীটোৰ দক্ষিণ পূব কোণত সংঘটোৰ এটা আসাম টাইপৰ কাৰ্যালয়ো আছিল।কিন্ত এদিন হঠাতে ৰহস্যজনক কাৰণত সংঘটোৰ কাম কাজ-প্ৰশিক্ষণ তাৰ পৰা উচ্ছেদ কৰা হল আৰু কাৰ্যালয়টোও ভাঙি পেলোৱা হল। তেতিয়া অলপ প্ৰতিবাদ হৈছিল যদিও নৰজিল।

অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক স্বৰূপ দীঘলী পুখুৰীৰ দীৰ্ঘ ইতিহাস আছে… ইয়াত আঁচোৰ পৰাটো কোনো অসমীয়াৰে কাম্য নহয়। যি দীঘলী পুখুৰীৰ প্ৰাকৃতিক পৰিৱেশে অসমীয়াৰ নৌ যুদ্ধৰ কৌশল ৰচনা কৰাত সহায় কৰিছিল আৰু মোগলক প্ৰতিহত কৰাত সফলতা আনি দিছিল সেই দীঘলী পুখুৰীত এতিয়া বহিৰাগতৰ দপদপনি কোনো কাৰণতে অসমীয়াই সহ্য কৰা উচিত নহয়।

মন্তব্য দিয়ক

Your email address will not be published.