দুবছৰত ৪৯ খন চুটি ছবি আৰু এখন পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমাৰে দৃষ্টান্ত

তেজপুৰৰ "নিউজ ট্ৰেক অসম" ৰ দ্বিতীয় বৰ্ষপূৰ্তিত বিগত বৰ্ষৰ এন টি এ চিনেমাৰ বিভিন্ন শিতানৰ ১৪ টা বঁটা প্ৰদান

0 20

শতাব্দ ষ্টাফ ৰিপ’টাৰ তেজপুৰ, ১ অক্টোবৰ : দুটা বছৰৰ পূৰ্বে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত একাংশ নাট্য অনুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা তেজপুৰৰ “নিউজ ট্ৰেক অসম” শীৰ্ষক অনুষ্ঠানৰ গৰ্ভত প্ৰাণ পাই উঠা এন টি এ চিনেমাই যোৱা দুটা বছৰত ৪৯ খনকৈ চুটি ছবি প্ৰয়োজনা কৰি নজীৰবিহিন দৃষ্টান্ত দাঙি ধৰাৰ পিছত কালি অনুষ্ঠিত হোৱা দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত ৫০ নম্বৰখন দৈৰ্ঘ্য চিনেমা “মৃত্যু দণ্ড” প্ৰদৰ্শনেৰে তেজপুৰীয়া ৰাইজক আপ্লুত কৰে। আনহাতে তেজপুৰ মাজগাঁৱৰ হিলবিলী বিবাহ ভৱনত কালি সন্ধিয়াৰ পৰা অনুষ্ঠিত হোৱা বাৰেৰহনীয়া দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটিত “নিউজ ট্ৰেক অসম” আৰু এন টি এ চিনেমাৰ বহুকেইগৰাকী শুভাকাংক্ষীক বিশেষ সম্বৰ্ধনা আৰু সম্ভাষণ জনোৱাৰ লগতে বিগত বৰ্ষৰ ২৯ খন চুটি ছবিৰ বিভিন্ন বঁটা সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে। মহাভৈৰৱ মন্দিৰৰ মূল পূজাৰী বিপুল বৰঠাকুৰৰ দ্বাৰা মাংগলিক পৰিৱেশত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা আৰু নিউজ ট্ৰেক অসমৰ সভাপতি ভূপেন বৰুৱাৰ পৌৰোহিত্যত মুখ্য কাৰ্যবাহী বিষয়া প্ৰশান্ত কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত সকলো বিষয়ববীয়াৰ উপস্থিতিত জুৰিৰ দায়িত্বত থকা দক্ষ অভিনেত্ৰী চিমী গোস্বামীয়ে বিগত বৰ্ষৰ ২৯ খন চুটি ছবিৰ মাজৰ ১৪ টাকৈ বঁটা আৰু বঁটা প্ৰাপকৰ নাম ঘোষণা কৰাত হৰ্ষোল্লাসৰ সৃষ্টি হয়। প্ৰথমেই কেবাখনো চুটি ছবিত অভিনয় কৰা শিশু সকলক পুৰস্কাৰেৰে উদ্বুদ্ধ কৰাৰ পিছত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই আনুষ্ঠানিক ভাৱে বিভিন্ন ক্ষেত্ৰৰ আন ১৪ টাকৈ বঁটা প্ৰদান কৰে। উল্লেখ্য যে বিগত বৰ্ষৰ ২৯ খন চুটি ছবিৰ মাজৰ পৰা বিচাৰকৰ বিশেষ বঁটা লাভ কৰে অমিত দাস আৰু চিন্ময়জ্যোতি শৰ্মাই। শ্ৰেষ্ঠ নৱাগত অভিনয় শিল্পীৰ বঁটা লাভ কৰে লোচন বৰা আৰু এলিচা শইকীয়াই। শ্ৰেষ্ঠ খলনায়কৰ বঁটা লাভ কৰে পাৰ্থপ্ৰতিম বৰাই, শ্ৰেষ্ঠ প্ৰতিজ্ঞা সম্পন্ন শিল্পীৰ বঁটা লাভ কৰে সঞ্জীৱ বৰুৱা আৰু ৰক্তিম বৰুৱাই, শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰে প্ৰতিমা দেৱী, শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ কৰে উত্তম দাসে, শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে আইজনী বৰাই, শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ননীমাধৱ শৰ্মাই আৰু শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে “মানুহে মানুহৰ বাবে” শীৰ্ষক ছবিয়ে আৰু শ্ৰেষ্ঠ ব্যৱস্থাপনাৰ বঁটা লাভ কৰে যতীন্দ্ৰ নাথ শইকীয়াই। কালিৰ এই অনুষ্ঠানতে “ৰূপান্তৰ” শীৰ্ষক এখন স্মৃতিগ্ৰন্থও আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিধায়ক পৃথ্বিৰাজ ৰাভাই। বঁটা প্ৰদান আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰি আগবঢ়োৱা ভাষণত নিউজ ট্ৰেক অসমৰ এনে প্ৰয়াসৰ শলাগ লৈ তেজপুৰৰ পৰা দেশতেই বিখ্যাত হৈ পৰিব পৰা যিকোনো ক্ষেত্ৰৰ শিল্পীৰ জন্ম হ’ব পৰা পৰিৱেশ সৃষ্টিত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটিত চুটি ছবি সমূহত সংগীত আৰু কণ্ঠদান কৰা মনোজ নাথ, সীমান্ত কাকতি, মূৰ্চ্ছনা শিৱমৰ লগতে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, উপসভাপতি দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱা, মাজগাঁও পঞ্চায়তৰ সভানেত্ৰী সীমা ৰেখা বৰুৱা, বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ লহকৰ, ডা০ অনুজ মেচ, বিশিষ্ট উদ্যোগপতি সুনীল চাৰাফ, সমাজকৰ্মী মুকুল গোস্বামী, মানৱ অধিকাৰ কৰ্মী ড০ পৰশমনি সিংহকে ধৰি প্ৰায় একুৰি বিভিন্ন ক্ষেত্ৰত সহায় আগবঢ়োৱা ব্যক্তিক বিশেষ ভাৱে সম্ভাষণ জ্ঞাপন কৰা অনুষ্ঠানটিত বিনা পাৰিশ্ৰমিকেৰে আটাইকেইখন চুটি ছবিৰ লগতে পঞ্চাশ নম্বৰৰ পূৰ্ণ দৈৰ্ঘ্যৰ ছবিৰ চিত্ৰগ্ৰহণ কৰা দক্ষ চিনেমাটোগ্ৰাফাৰ তথা আলোকচিত্ৰ শিল্পী ৱাজিড আহমেদৰ লগতে প্ৰয়োজনাৰ ক্ষেত্ৰত সিংহভাগ ধন ব্যয় কৰা গুৱাহাটীৰ ব্যৱসায়ী মণজিৎ শইকীয়া আৰু বিচাৰকৰ দায়িত্ব পালন কৰা অভিনেত্ৰী চিমী গোস্বামীক একোখনকৈ সম্বৰ্ধনা পত্ৰেৰে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।উল্লেখ্য যে, ২০২১ চনৰ ৩০ ছেপ্তেম্বৰত গঢ় লৈ উঠা নিউজ ট্ৰেক অসমে প্ৰথম অৱস্থাত সংবাদ ধৰ্মী অনুষ্ঠানেৰে আত্ম প্ৰকাশ কৰাৰ পিছত ক’ভিকালীন পৰিস্থিতিত এন টি এ চিনেমা প্ৰডাকশ্যনৰ জড়িয়তে প্ৰথমে “চৰি” শীৰ্ষক চুটি ছবি নিৰ্মাণ কৰি দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰাৰ পিছতেই পৰৱৰ্তী সময়ত “অৱতাৰ”, “দেউতা”, “নিচা”, “প্ৰেম ৰোগ”, “দ্য লাষ্ট চ্যেলুট”, “অপদাৰ্থ”, “হৰ হৰ মহাদেৱ”, “মা”, “মজা”, “গুৰু দক্ষিণা”, “ব্ৰেকিং নিউজ”, “প্ৰজন্ম”, “ককাইদেউ”, “পত্নী”, “মৰ্যদা”,” মাহী আই”, “নীলাংগনা”, “উৰা বাতৰি”, “ৰাগ বিৰাগ”, “পল অনুপল”, “নতুন মা”, “বিগ মেন” আদিকে ধৰি ৪৯ খন চুটি ছবি নিৰ্মাণেৰে অভিলেখ সৃষ্টি কৰাৰ পিছত অতি সাহসী পদক্ষেপেৰে ৫০ নম্বৰখন পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা” মৃত্যু দণ্ড “নিৰ্মাণ কৰি কালি এই অনুষ্ঠানতে ৰাজহুৱা ভাৱে প্ৰদৰ্শন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.