দুলুং সংৰক্ষিত বনাঞ্চলত বিৰল প্ৰজাতিসহ ৭০ অধিক প্ৰজাতিৰ ৰংবিৰঙী পখিলা
৩ টা ভাগত বিভক্ত হৈ পৰ্যৱেক্ষণ ৩ কুৰিৰো অধিক অনুসন্ধানকাৰীৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ আগষ্টঃ শতবৰ্ষ গৰকা লখিমপুৰৰ অন্যতম অৰণ্য দুলুং সংৰক্ষিত বনাঞ্চলত অদ্যপি ৭০ টাতকৈ অধিক প্ৰজাতিৰ পখিলা আছে। ইয়াৰ ভিতৰত বিৰল আৰু ৰঙীন প্ৰজাতিৰ যেনে হোৱাইট ড্ৰেগনটেইল, পেৰিছ পিকক আৰু থাই ক্ৰুজাৰ অন্যতম। বৰ-বিৰঙী জিকমিক পখিলাৰ বাবে পূৰ্বৰে পৰা বিখ্যাত দুলুঙৰ এই শেহতীয়া তথ্য পোহৰলৈ আহিছে এদল পৰ্যৱেক্ষণকাৰীৰ দৃষ্টিত। যোৱা ২৩ আগষ্টত এই দলটোৱে ৩ টা ভাগত বিভক্ত হৈ বনাঞ্চলতখনত জৰীপ চলোৱাৰ সময়ত ৭০টাতকৈও অধিক প্ৰজাতিৰ পখিলাৰ লগতে কেইবাটাও চৰাই, মথ আৰু অন্যান্য পোক-পৰুৱাৰ নাম নথিভুক্ত কৰে। উল্লেখ্য যে দুলুং সংৰক্ষিত বনাঞ্চল আন এক উল্লেখযোগ্য সম্পদৰ বাবেও বিখ্যাত। সেয়া হল ছিয়া নাহৰ আৰু গেলা থেকেৰা। দলটোৱে এই দুই বিৰল প্ৰজাতিৰ উদ্ভিদো পৰ্যবেক্ষণ কৰা বুলি সদৰী কৰে।
প্ৰকৃতি সংৰক্ষণ সমিতিৰ অধ্যক্ষ লৰেন সোণোৱাল আৰু পৰ্যটন উন্নয়ন বিষয়া মাধব দাসৰ নেতৃত্বত দুলুং সংৰক্ষিত বনাঞ্চলত প্ৰথম পখিলা দৰ্শন আৰু লখিমপুৰ জিলা ভিত্তিত দ্বিতীয়বাৰ পখিলা দৰ্শন যাত্ৰা সফলভাৱে আয়োজন কৰা হয়। অসম বন বিভাগ, দুলুং ফৰেষ্ট বিট অফিচ, ৱিকি লাভছ বাটাৰফ্লাইজ,বিহংগ বন্ধুকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়।
এই পদযাত্ৰাত লখিমপুৰৰ বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপককে ধৰি প্ৰায় ৬৭ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া আদি চুবুৰীয়া জিলাৰ পৰাও প্ৰকৃতিপ্ৰেমীসকলে যোগদান কৰে।
তিনি ঘণ্টীয়া অন্বেষণৰ সময়ছোৱাত অংশগ্ৰহণকাৰীসকলে ৭০টাতকৈও অধিক প্ৰজাতিৰ পখিলাৰ লগতে কেইবাটাও চৰাই, মথ আৰু অন্যান্য পোক-পৰুৱাৰ নথিভুক্ত কৰে। এই সমূহৰ ভিতৰত আছিল বিৰল আৰু ৰঙীন প্ৰজাতিৰ যেনে হোৱাইট ড্ৰেগনটেইল, পেৰিছ পিকক আৰু থাই ক্ৰুজাৰ দেখা। । আয়োজকসকলে দুলুং সংৰক্ষিত বনাঞ্চলৰ বন বিট বিষয়া আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু এই অনুষ্ঠানৰ সফলতাত অৰিহণা যোগোৱা সকলো সহযোগী আৰু অংশগ্ৰহণকাৰীক কৃতজ্ঞতা প্ৰকাশ কৰে।
