দুলুঙত দুই বোমা নিষ্ক্ৰিয়কৰণৰ পদক্ষেপ

উচ্চ প্ৰাৱল্যৰ বিস্ফোৰণৰ আশংকাৰে সতৰ্কবাণী

0 58

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা দুলুং বম্বিং ৰেঞ্জৰ সমীপৱৰ্তী জিলি নদীত কিছুদিন পূৰ্বে উদ্ধাৰ হৈছিল দুটাকৈ শক্তিশালী বোমা৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এই বোমা দুটাৰ ওজন হৈছে ৫০০ কিলোগ্ৰাম আৰু ১০০ কিলোগ্ৰাম৷ এই সক্ৰিয় বোমা দুটা নিষ্ক্ৰীয়কৰণৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে৷ সেইমৰ্মে ১২ আৰু ১৩ ফেব্ৰুৱাৰীত বোমা দুটা নিষ্ক্ৰীয়কৰণৰ দিন ধাৰ্য কৰি স্থানীয় ৰাইজলৈ সতৰ্কবাণী জাৰি কৰিছে৷ ইতিমধ্যে দুলুং সংৰক্ষিত বনাঞ্চলৰ আশে পাশে বিভিন্ন ঠাইত জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে স্থানীয় পঞ্চায়ত সমূহে ৰাইজক ৩.৫ কিলোমিটাৰ দূৰত্বত অৱস্থান গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ দুলুং সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী পদুমণি, চাউলধোৱা আদি পঞ্চায়ত এলেকাত পঞ্চায়তসমূহে এক জাননী জাৰি কৰি এই কথা উল্লেখ কৰিছে যে দুলুং সংৰক্ষিত বনাঞ্চলৰ সংলগ্ন ৰাইজক অহা ১২-১৩ ফেব্ৰুৱাৰী তথা বুধ আৰু বৃহস্পতিবাৰে পূৰ্বে জিলিনদীত উদ্ধাৰ হোৱা সক্ৰিয় বোমা দুটা নিষ্ক্ৰীয় কৰা হব।  এই প্ৰচেষ্টাত উচ্চ প্ৰাৱল্যৰ বিস্ফোৰণ হোৱাৰ সম্ভাৱনাৰ আশংকা কৰি ৰাইজক দুলুং সংৰক্ষিত বনাঞ্চলৰ পৰা ন্যূনতম ৩.৫ কিলোমিটাৰ দূৰত্বত অৱস্থান ল’বলৈ আহ্বান জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.